বাৰ্ধক্যৰ চাপ আঁতৰাবলৈ কৰক Face Yoga (Stave off signs of ageing with Face Yoga)

0
404
আমাৰ শৰীৰটো কাৰ্যক্ষম হৈ থকাৰ বাবে যিদৰে শাৰীৰিক পৰিশ্ৰম আৰু যোগাসনৰ প্ৰয়োজন, ঠিক তেনেকৈ মুখৰ উজ্জ্বলতা আৰু সুন্দৰতা অটুট ৰাখিবলৈও মুখমণ্ডলৰ আসনৰ প্ৰয়োজন ৷ Face Yoga ব্যায়াম আৰু মাচাজৰ জৰিয়তে কৰা হয়৷ যাৰ দ্বাৰা মুখত ৰক্ত সঞ্চালন বৃদ্ধি হয়, অক্সিজেনৰ সৰবৰাহ উন্নত হয়৷ ফলত মুখত পৰা বাৰ্ধক্যৰ চাপ, ফাইন লাইন দূৰ হোৱাত, ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাত তথা মুখৰ পৰা ভাগৰ, দুখ, স্ত্ৰেচ আদিৰ ভাব নাইকিয়া হোৱাত সহায়ক হয়৷ ইয়াৰ বাবে আপুনি এনেধৰণে Face Yoga কৰিব পাৰে৷

(১) প্ৰথমে হৈছে Kiss the Sky আসন৷ এই আসনত আপুনি লাহে লাহে মূৰটো ওপৰলৈ কৰি আকাশৰ ফালে চাই ওঁঠ দুটা জোঙা কৰি দিয়ক৷ আকৌ লাহে লাহে মূৰটো আগৰ অৱস্থালৈ ঘূৰাই আনক৷ এনেদৰে কৰাৰ ফলত মুখৰ মাংসপেশী সবল হয়, মুখৰ ৰিংকল দূৰ হয়৷

6 Exercise Tips to Shed Fat in Neck - Life en.tempo.co - Tempo.co


(২) দ্বিতীয়টো হৈছে Squeeze Pose৷ এই আসনত আপোনাৰ গোটেই মুখমণ্ডল জোৰকৈ চেপি ধৰিব লাগে৷ এই আসনত ৰক্ত সঞ্চালন আৰু অক্সিজেনৰ সৰবৰাহ বৃদ্ধি পায়৷ ফলত মুখত পৰা বাৰ্ধক্যৰ চাপ দূৰ হয়৷

Try Face Yoga for a Natural Youthful Glow – Province Apothecary


(৩) বাৰ্ধক্যৰ চাপ দূৰ কৰিবলৈ আসনৰ দৰে মাচাজো কাৰ্যকৰী৷ ইয়াৰ বাবে আপুনি নিজৰ মুখত দুয়োখন হাতৰ আঙুলিৰে লাহে লাহে টেপ কৰক৷


(8) Upper Lips-ৰ ৰিংকল দূৰ কৰিবলৈ দুয়োখন হাতৰ তৰ্জনী আঙুলি দুটা ভাঁজ কৰি লাহে লাহে নাকৰ ওচৰৰ পৰা থুঁতৰিলৈকে টানি দিয়ক৷


(৫) কপালৰ ৰিংকল দূৰ কৰিবলৈ আপুনি এইবিধ আসন কৰিব পাৰে৷ এই আসনত দুয়োখন হাতৰ আঙুলি কপালত ৰাখক৷ তাৰ পাছত লাহে লাহে চেলাউৰি যিমান পাৰি ওপৰলৈ উঠাই দিয়ক আৰু হাতৰ আঙুলিকেইটাৰে ৬ ছেকেণ্ডমান কপালৰ তলফালে চাপ দিয়ক৷ এনেদৰে কমেও ৫-১০ বাৰ কৰিলে সুফল লাভ কৰিব পাৰি৷

4 Ways to Reduce Forehead Wrinkles With Face Yoga - wikiHow

LEAVE A REPLY

Please enter your comment!
Please enter your name here