উদ্বেগজনক ! মহানগৰীত বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা

0
1251

গুৱাহাটী মহানগৰীত অধিক বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা৷ চাইল্ড লাইন গুৱাহাটীৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য৷ চাইল্ড লাইন গুৱাহাটীৰ তথ্য অনুসৰি, গুৱাহাটী মহানগৰত ২০২০ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ২০২১-ৰ ৩১ মাৰ্চলৈ ১১৬টা শিশু শ্ৰমিক উদ্ধাৰ কৰিছে৷ 
তেনেদৰে ২০২১ এপ্ৰিলৰ পৰা ২০২২-ৰ মাৰ্চৰ ভিতৰত ১৪০টা শিশু শ্ৰমিক চাইল্ড লাইনে উদ্ধাৰ কৰিছে৷ ঠিক তেনেদৰে  চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা এতিয়ালৈ মুঠ ৪৬টা শিশু শ্ৰমিক উদ্ধাৰ কৰিছে চাইল্ড লাইন গুৱাহাটীয়ে৷ এই  সন্দৰ্ভত  চাইল্ড লাইন গুৱাহাটীৰ দলীয় সদস্য গুমুৰ ব্ৰহ্মই কয় যে শিশু শ্ৰমিকসকলক পদপথৰ পৰা, ভিক্ষাবৃত্তিৰ লগত জড়িত আৰু কমাৰ্চিয়েল তথা ঘৰুৱা কামত নিয়োজিত কৰি ৰখাৰ পৰা উদ্ধাৰ কৰা হৈছে৷ 
ইয়াৰ ভিতৰত ১৪/১৬ বছৰৰ শিশুৱেই অধিক৷ লকডাউনৰ পিছৰে পৰা মহানগৰত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে৷ আৰ্থিক সমস্যাত পৰি অধিকাংশ পৰিয়ালে নিজৰ শিশুটিক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰাত ব্যৱহাৰ কৰিছে৷ উল্লেখ্য যে অধিকাংশ শিশু শ্ৰমিকক বিশেষকৈ চাহ বাগিচা অঞ্চল আৰু বিহাৰৰ পৰা অনা হৈছে৷ আনহাতে একাংশ দুষ্ট চক্ৰই বিহাৰৰ পৰা ১৮ বছৰ বয়সৰ তলৰ শিশুসকলক আনি বহিঃৰাজ্যত চুৰি বৃত্তিত লগোৱাও তথ্য লাভ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here