ৰাজ্য চৰকাৰৰ অ’মিক্ৰনক লৈ নতুন SOP || State Government’s new SOP for Omicron

0
494

বিশ্বত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্ৰমণ ধৰা পৰা ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ ভাৰততো উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ৫ ডিচেম্বৰত ৰাজ্য চৰকাৰে ক’ভিড সম্পৰ্কীয় এক নতুন SOP জাৰি কৰে৷ ভাৰত চৰকাৰৰ অ’মিক্ৰন সম্পৰ্কীয় শেহতীয়া প্ৰট’কলৰ আধাৰত অসমলৈ প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’বলগীয়া নিয়মাৱলী সু-নিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে বিতং SOP জাৰি কৰে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিশা প্ৰকাশ কৰা মতে, অ’মিক্ৰন সম্পৰ্কীয় এই SOP অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও ন্যূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব৷ আনহাতে ক’ভিড পজিটিভ ওলালে নিৰ্দিষ্ট প্ৰট’কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব৷ বিমান বন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক’ভিডৰ RTPCR পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে৷ বিমান বন্দৰত এই ক’ভিড পৰীক্ষাৰ পৰা ৫ বছৰৰ তলৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ’ব৷ অৱশ্যে, এনে শিশু যাত্ৰীৰ শৰীৰত ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হ’ব৷ বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী, প্ৰধানকৈ বিমান বন্দৰেৰে অহাৰেই অধিক সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি বিমান বন্দৰ থকা ৰাজ্যখনৰ প্ৰতিখন জিলা প্ৰশাসনক এনে যাত্ৰীক বিমান বন্দৰত অৱতৰণৰ পাছৰে পৰা নিৰন্তৰ নিৰীক্ষণত ৰখাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈও SOP-ৰ জৰিয়তে দায়িত্ব ন্যস্ত কৰা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰী মহন্তই সদৰী কৰে৷ ৰাজ্যত অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে জাৰি কৰা নতুন SOP খনৰ মতে, অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমান যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বৰ ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰ সুবিধা’ প’ৰ্টেলত স্ব-ঘোষণা-পত্ৰ দাখিল কৰাৰ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ ঘণ্টাৰ ভিতৰত কৰা ক’ভিড RTPCR পৰীক্ষাৰ নিগেটিভ ৰিপ’ৰ্ট আপল’ড কৰিব লাগিব৷ তদুপৰি RTPCR পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্ব-ঘোষণাও আপল’ড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here