পাৰিপাৰ্শ্বিক কাৰ্যসাধন তালিকাত ভাৰতৰ স্থান কিমান ?

0
232

আমেৰিকাস্থিত প্ৰতিষ্ঠানে তৈয়াৰ কৰা এখন তালিকাত পাৰিপাৰ্শ্বিক কাৰ্যসাধনত ভাৰত ১৮০খন দেশৰ ভিতৰত নিম্ন স্থান আছে৷ য়েল চেণ্টাৰ ফৰ এনভাইৰনমেণ্টেল ল এণ্ড পলিচি তথা কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল আৰ্থ ছায়েন্সে প্ৰস্তুত কৰা এই পাৰিপাৰ্শ্বিক কাৰ্যসাধন সূচকাংক চমুকৈ ই পি আইত শীৰ্ষত আছে ডেনমাৰ্ক, তাৰ পাছতে আছে ইউ কে আৰু ফিনলেণ্ড, যিয়ে শেহতীয়া বছৰবোৰত সেউজগৃহ গেছ নিৰ্গমণ হ্ৰাস কৰাৰ বাবে অতি সফলতা লাভ কৰিছে৷ ই পি আয়ে বিশ্বৰ দেশবোৰৰ বহনক্ষমতাৰ অৱস্থা তথ্য-ভিত্তিক সাৰকথা জনায়৷ ১১টা সমস্যাৰ শ্ৰেণীত কাৰ্যসাধনৰ ৪০টা সূচক ব্যৱহাৰ কৰি ই পি আয়ে জলবায়ু পৰিৱৰ্তন বিষয়ত কাৰ্যসাধন, পাৰিপাৰ্শ্বিক স্বাস্থ্য আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰাণশক্তি বিষয়ত ই পি আয়ে ১৮০খন দেশৰ স্থান নিৰূপণ কৰে৷ইয়াৰ ভিতৰত নিম্নতম স্থানত আছে ভাৰত [১৮.৯], ম্যানমাৰ [১৯.৪], ভিয়েটনাম [২০.১], বাংলাদেশ [২৩.১] আৰু পাকিস্তান [২৪.৬]৷ আটাইতকৈ কম নম্বৰ বা সফলতা লাভ কৰা দেশবোৰ হৈছে সেইবোৰ দেশ যিয়ে বহনক্ষমতাতকৈ অৰ্থনৈতিক বিকাশত গুৰুত্ব দিয়ে বা যিবিলাক দেশ অসামৰিক আন্দোলন বা অন্য সমস্যাৰ সৈতে যুঁজি থাকে৷ এই তালিকাত মুঠ ২৮.৪ ই পি আই নম্বৰেৰে চীন ১৬১সংখ্যক স্থানত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here