দেশৰ ধঁপাত সেৱনকাৰীৰ তালিকাত অসমৰ স্থান কিমান ?

0
464

অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ৰ অধীনৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষে সদৰী কৰা অনুসৰি অসমৰ বৰ্তমান ৫০ শতাংশ লোকে ধঁপাত সেৱন কৰে৷ প্ৰতিবছৰে ৪-৫ ত্ৰিলিয়ন চিগাৰেটৰ টুকুৰাই পৰিৱেশ বিনষ্ট কৰি অহাৰ লগতে ৮৪ মিলিয়ন কাৰ্বন-ডাই-অক্সাইড গেছৰ সৃষ্টি কৰি আহিছে এই ধঁপাত সেৱন ফলত বুলি উল্লেখ কৰে৷ 
বৰ্তমান অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৪৮.২ শতাংশ আৰু ইয়াৰে ৬২.৯ শতাংশ পুৰুষ আৰু ৩২.৯ শতাংশ মহিলাই ধঁপাত সেৱন কৰে৷ আনহাতে দৈনিক ৰাজ্যত ধঁপাত সেৱনকাৰী লোকৰ সংখ্যা ৩৫.৮ শতাংশলৈ বৃদ্ধি পাইছে৷ ধঁপাত নিয়ন্ত্ৰণ কোষৰ আন এক তথ্য মতে দেশৰ ভিতৰতে সৰ্বাধিক ধঁপাত সেৱনকাৰীৰ শীৰ্ষৰ ৰাজ্যখন হৈছে মিজোৰাম৷ 
এই তালিকাৰ দ্বিতীয় স্থানত আথে ত্ৰিপুৰা আৰু তৃতীয় স্থান দখল কৰিছে অসমে৷ জানিব পৰা মতে চিগাৰেট সেৱনৰ ফলত প্ৰতিবছৰে দেশৰ ৩৩০০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চাদা আৰু চিগাৰেট সেৱনৰ ফলত  ৫৫০০ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷
ধঁপাত সেৱনৰ ফলত হ’ব পৰা ক্ষতিৰ বিষয়ে বিদ্যালয়-মহাবিদ্যালয়ত ধঁপাত-বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ উল্লেখ্য যে ধঁপাত সেৱনকাৰীসকলে অকল যে নিজকে মৃত্যুৰ গৰাহলৈ ঠেলি দিছে এনে নহয়, ধঁপাত সেৱনৰ ফলত সৃষ্টি কৰা পৰিৱেশ প্ৰদূষণৰ ফলত জনস্বাস্থ্যলৈও ভাবুকি কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here