পাতালৰ ৰহস্য ভেদকৰিবলৈ বিজ্ঞানীৰ চেষ্টা

0
199


পৌৰাণিক আখ্যানসমূহত পাতালৰ কথা বহুবাৰ উল্লেখ আছে৷ সাধাৰণতে পাতালৰ বিষয়ে শুনোতে ইয়াত আসুৰিক শক্তিৰ আধিপত্য অধিক বুলি জনা যায়৷ এতিয়া সময় সলনি হৈছে৷ বিজ্ঞান-প্ৰযুক্তিৰ বিস্তৃতিৰ ফলত পাতালক লৈ সেই পৌৰাণিক আখ্যান তথা বিশ্বাসৰ কোনো মূল্য নাইকিয়া হৈছে৷ পাতালক লৈ পৌৰাণিক সেই আখ্যানবোৰ এতিয়া একাষৰীয়া হ’ল৷ কিয়নো বিজ্ঞানীয়ে পাতালক লৈ থকা ৰহস্য ভেদ কৰিবলৈ ওলাইছে৷ বিজ্ঞানীসকলে গভীৰ অধ্যয়নৰ পাছত পাতালত উপস্থিত হোৱাৰ চেষ্টা কৰি আছে৷ অধ্যয়নটোত এই কথাও কোৱা হৈছে যে পৃথিৱীৰ উপৰিভাগত অধিক গভীৰতালৈকে খনন কৰিলে পাতালৰ অৱস্থান কৰিব পৰা যাব বুলি কোৱা হৈছে৷ শেহতীয়াভাৱে বিজ্ঞানীসকলে পাতালৰ সন্ধানত পৃথিৱীৰ বহু গভীৰতালৈ খনন কৰে৷ গৱেষকৰ দলে প্ৰায় ১০০ মাইল গভীৰতালৈ পৃথিৱীত খনন কৰে৷ দলটোৱে ১০০ মাইলৰ তলত এত গলিত তৰপ প্ৰত্যক্ষ কৰে৷ এই তৰপটো এন্থেন’স্ফিয়েৰৰ তলতে পোৱা গৈছে৷ এন্থেন’স্ফিয়েৰ পৃথিৱীৰ উপৰিভাগৰ পৰা বহুত গভীৰতাত৷ বিজ্ঞানীসকলৰ মতে এন্থেন’স্ফিয়েৰৰ অধ্যয়নে বহু তথ্যৰ সন্ধান দিব বুলি আশা প্ৰকাশ কৰিছে৷ তেওঁলোকে টেকট’নিক প্লেটৰ চাল-চলনৰ বিষয়েও বহু তথ্য লাভ কৰিব পৰা যাব বুলি সদৰী কৰে৷ এই তৰপটো অধ্যয়ন কৰাৰ পাছতে টেক্সাছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰকাশ কৰিছে যে ইয়াৰ পৰিসৰ যথেষ্ট বহল৷ ই পৃথিৱীৰ ৪৪ শতাংশ অংশ আৱৰি আছে৷ এই বিষয়ে নেচাৰ জিঅ’ ছায়েন্সত প্ৰকাশ পাইছে৷ এতিয়া সময়েহে ক’ব বিজ্ঞানীসকলে ইমান দিনে ৰহস্যময় হৈ থকা পাতালৰ এই ৰহস্য ভেদ কৰিবলৈ সক্ষম হ’বনে নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here