হৃদৰোগৰ আশংকা কমাবলৈনিয়মিতভাৱে বাদাম খাওক

0
204


শীতকালত হৃদৰোগৰ আশংকা বাঢ়ি যায়৷ এই সময়ত বাহিৰৰ ঠাণ্ডা আৱহাৱাৰ কাৰণে ৰক্তনলী সংকুচিত হৈ যায়৷ যাৰ ফলত ৰক্তচাপ বৃদ্ধি হৈ হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বাঢ়িব পাৰে৷ ইয়াক নিয়ন্ত্ৰণৰ বাবে নিয়মিতভাৱে ব্যায়াম কৰা জৰুৰী যদিও বিভিন্ন কামৰ হেঁচাত নিয়মিত ব্যায়াম কৰা নহয়৷ সেয়েহে হাৰ্ট সুস্থ ৰাখিবলৈ তথা হৃদৰোগৰ পৰা বাচিবলৈ নিয়মিতৰূপে বাদাম সেৱন কৰিব পাৰে৷ বাদামত প্ৰচুৰ পৰিমাণে আনছেছুৰেটেড ফেট পোৱা যায়৷ এই আনছেছুৰেটড ফেটে শৰীৰৰ বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাই দিয়াত সহায় কৰে৷ কলেষ্টৰেল কমিলে হৃদৰোগৰ লগতে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা সকাহ পাব পাৰি৷ বাদামত ওমেগা ফ্ৰী ফেটি এচিড থাকে৷ এইবিধ উপাদান হৃদযন্ত্ৰ তথা ৰক্তনলীৰ বাবে উপকাৰী৷ তেজৰ থকা ট্ৰাইগ্লিছাৰাইড নামৰ এক বিশেষ ধৰণৰ ফেটে হৃদস্পন্দনত ব্যাঘাত জন্মাব পাৰে৷ এই বিশেষ ফেটৰ মাত্ৰা কমোৱাত ট্ৰাইগ্লিছাৰাইড নামৰ উপাদানবিধে সহায় কৰে৷ আনহাতে বাদামত প্ৰচুৰ পৰিমাণ ফাইবাৰ পোৱা যায়৷ তেজত লিপিড প্ৰ’ফাইলৰ মাত্ৰা ঠিকে ৰাখিবলৈ ফাইবাৰ সমৃদ্ধ বাদাম বেছ উপকাৰী৷ ইয়াৰ উপৰি নিয়মিতভাৱে বাদাম খালে হৃদৰোগৰ সম্ভাৱনা কমি থাকে৷ ভিটামিন-ই, ভিটামিন-ই সমৃদ্ধ বাদামে হদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ ইয়াৰ বাহিৰেও শৰীৰক সুস্থ ৰাখিবলৈ ভিটামিন-ই এটা মৌলিক ভিটামিন হিচাপে কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here