অভিনৱ পৰিকল্পনা : পৃথিৱী শীতল কৰিব চন্দ্ৰৰ ধূলিৰে

0
711

বিশ্বৰ উষ্ণতা বৃদ্ধিক লৈ সকলোৱেই উদ্বিগ্ন৷ এতিয়া ইয়াৰ সমাধানৰ পথ উলিওৱাৰ চেষ্টা কৰি আছে বিজ্ঞানীসকলে৷ আমেৰিকাৰ বিজ্ঞানীসকলৰ এটা গোটে এই ক্ষেত্ৰত এক অভিনৱ পদক্ষেপ হাতত লোৱাৰ কথা জনাইছে৷ তেওঁলোকে মহাকাশত জাৰৱ সৃষ্টি কৰি পৃথিৱীৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ চেষ্টা চলাইছে৷ বিজ্ঞানীৰ দলটোৰ মতে চন্দ্ৰৰ পৰা অনা ধূলিৰে মহাকাশত ডাৱৰ সৃষ্টি কৰি উচিত৷ ই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাত বাধা দিব৷ সূৰ্যৰ ৰশ্মি অধিক মাত্ৰাত পৃথিৱীলৈ অহাত বাধা দিলে পৃথিৱী শীতল হ’বলৈ ধৰিব৷ বিজ্ঞানীসকলে দিয়া এই অভিনৱ প্ৰস্তাৱটোত কোৱা হৈছে যে চন্দ্ৰত খনন চলোৱা হ’ব আৰু তাৰ পৰা ধূলি সূৰ্যৰ দিশে ছটিয়াই দিয়া হ’ব৷ এই ধূলিৰ তৰপ  প্ৰায় দুসপ্তাহ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকিব আৰু সূৰ্যৰ কিৰণ ঢাকি ৰাখিব৷ ইয়াৰ পাছত মহাকাশথ এই ধূলি সিঁচৰতি হৈ পৰিব৷ বিজ্ঞানীসকলৰ এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ প্ৰতি বছৰে এক কোটি টন চন্দ্ৰৰ ধূলিৰ প্ৰায়োজন হ’ব৷ যদিহে এই আঁচনি সফল হয়, তেন্তে কাৰ্বনৰ নিৰ্গমণ প্ৰতিৰোধৰ বাবে পৃথিৱীবাসীয়ে আৰু অধিক সময় লাভ কৰিব৷ অৱশ্যে প্ৰকিৃতৰ সৈতে এইদৰে খেলা কৰিলে বৰষুণ আৰু খৰাঙৰ প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি শংকিত হৈছে৷ ইয়াৰ লগতে অ’জনৰ স্তৰৰো ক্ষতি হ’ব পাৰে৷ সেয়েহে ভৱিষ্যতে বিজ্ঞানীসকলে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here