WHO, UNISCO-ৰ অভিনন্দন ভাৰতে ৰচিলে ইতিহাস ৷ India scripts history : WHO, UNESCO shower praise

0
409
কভিড-১৯ৰ বিৰুদ্ধে চলাই থকা টিকাকৰণ কাৰ্যসূচীত ২১ অক্টোবৰত ভাৰত এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হয়৷ দেশখনত কভিডৰ টিকা বা ভেকচিন দিয়া লোকৰ সংখ্যাই ১০০ কোটিৰ সীমা অতিক্ৰম কৰে৷ ইয়াক ভাৰতীয় বিজ্ঞান, কাৰ্মোদ্যম আৰু ১৩০ কোটি ভাৰতীয়ৰ সামূহিক উদ্যমৰ বিজয় বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশখনে ইতিহাস ৰচনা কৰিলে৷ প্ৰধানমন্ত্ৰীয়ে লগতে ইয়াৰ ৰাম মনোহৰ লোহিয়া হস্পিটেলৰ টিকাকৰণ কেন্দ্ৰলৈ গৈ তাৰ বিষয়াসকল, কৰ্মচাৰীসকল আৰু কিছুসংখ্যক হিতাধিকাৰীৰ সৈতে মত-বিনিময় কৰে৷ তেওঁৰ সৈতে স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াও গৈছিল৷  চৰকাৰী সূত্ৰই কয় যে ভাৰতৰ সকলো যোগ্য প্ৰাপ্তবয়স্ক লোকৰ ৭৫ শতাংশৰো অধিকে অন্ততঃ ভেকচিনৰ এটা পালি আৰু প্ৰায় ৩১ শতাংশই দুয়োটা পালি ল’লে৷ ইউনিচেফ ইণ্ডিয়ায়ো এই সাফল্যৰ বাবে ভাৰত চৰকাৰক অভিনন্দন জনায়৷ ইউনিচেফ ইণ্ডিয়াই কয়, ‘ভাৰতৰ দৰে এখন বিশাল আৰু বিচিত্ৰ দেশত এবছৰতকৈও কম সময়ত ১ কোটি পালি ভেকচিন দিয়াটো এটা অতি উল্লেখযোগ্য সফলতা৷ প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইটত কয় যে  ভাৰত এটা ভেকচিন চেঞ্চুৰিত উপনীত হোৱাত মই ডাঃ ৰাম মনোহৰ লোহিয়া হস্পিটেলৰ এটা টিকাকৰণ কেন্দ্ৰলৈ গ’লোঁ৷ ভেকচিনে আমাৰ নাগৰিকসকলৰ জীৱনলৈ গৌৰৱ আৰু সুৰক্ষা আনিলে৷ পাছত নতুন দিল্লীৰ এইমছৰ ঝাজৰ চৌহদত নেশ্যনেল কেঞ্চাৰ ইনষ্টিটিউটৰ ‘ইনফছিচ ফাউণ্ডেশ্যন বিশ্ৰাম সদন’ ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধন কৰি দিয়া ভাষণত মোদীয়ে কয় যে ২০২১ চনৰ ২১ অক্টোবৰৰ দিনটো ইতিহাসত লিপিবদ্ধ হ’ল৷ ১০০ বছৰৰ ভিতৰত বৃহত্তম অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ এতিয়া দেশত ১০০ কোটি ভেকচিন ড’জৰ এটা শক্তিশালী সুৰক্ষা কৱচ আছে৷’  CoWIN পৰ্টেলৰ মতে,দেশখনত এই পৰ্যন্ত মুঠ ১০০ কোটি পালি ভেকচিন দিয়া হ’ল৷ ২০২১ চনৰ ১৬ জানুৱাৰীত টিকাকৰণ আৰম্ভ হৈছিল৷ দেশখনে ১০০ কোটি পালি ভেকচিন দিয়া সম্পূৰ্ণ কৰাৰ বাবে মোদীয়ে দেশখনৰ স্বাস্থ্য কৰ্মীসকলক অভিনন্দন জনায়৷ উল্লেখ্য যে ভাৰততকৈ বেছি ভেকচিন দিয়া একমাত্ৰ দেশ চীন৷ ভেকচিনৰ ১০০ কোটি পালি দিয়া সম্পূৰ্ণ হোৱা উপলক্ষে লাল কিল্লাত ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ ১০০ কোটি পালি ভেকচিন দি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে WHO ৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে এটা টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজ্ঞানীসকল, স্বাস্থ্য কৰ্মীসকল আৰু ভাৰতৰ জনসাধাৰণক অভিনন্দন জনাইছে৷ এই সাফল্যৰ বাবে ভাৰতক ভূটান আৰু শ্ৰীলংকায়ো অভিনন্দন জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here