দিনে এটাকৈ চিগাৰেট সেৱনেওবঢ়াব পাৰে হাৰ্ট এটেকৰ সমস্যা

0
311


ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ এই সাৱধানবাণী জনাৰ পাছতো কোটি কোটি লোকে ধূমপান সেৱন কৰে৷ দৈনিক পেকেটে পেকেটে চিগাৰেট সেৱন কৰা লোক বহুত আছে৷ ইয়াৰ ফলত যে স্বাস্থ্যৰ ক্ষতি হৈ বা শৰীৰৰ অৱক্ষয় হৈছে, সেইটো ভবাৰ কাৰো অৱকাশ নাই৷ সম্প্ৰতি এক তথ্যত প্ৰকাশ পাইছে যে দৈনিক ১০-২০ টাই নহয়, দিনে এটাকৈ চিগাৰেট সেৱন কৰিলে মাৰাত্মক ৰোগ হোৱাৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা থাকে৷ ইউনিভাৰছিটি কলেজ লণ্ডনৰ অধ্যাপক এলেন হাকশে এই প্ৰসংগত কৈছে যে যিসকলে লোকে গোটেই দিনটো পেকেটে পেকেটে চিগাৰেট সেৱন কৰে, তেওঁলোকৰ দুৰাৰোগ্য কেঞ্চাৰৰ ৰোগৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট থাকে৷ কিন্তু শেহতীয়াভাৱে জনা গৈছে যে ১০-২০টা নহয়, দৈনিক এটাকৈও যদি চিগাৰেট সেৱন কৰা হয়, তেনেহ’লে হৃদৰোগ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷ অৰ্থাৎ নিয়মীয়াকৈ চিগাৰেট সেৱনৰ অভ্যাসে এজন ব্যক্তিৰ হাৰ্ট এটেক, ষ্ট্ৰ’ক তথা হাঁওফাঁওৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে৷ উল্লেখ্য যে চিগাৰেট সেৱনৰ কুফল সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থা বা ‘WHO’-ৰ সমীক্ষাত প্ৰকাশ পোৱা মতে প্ৰত্যেক বছৰে মৃত্যুক সাবটি লোৱা সাত মিলিয়ন মানুহৰ ভিতৰত দুই মিলিয়ন মানুহেই হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here