নৌকাসন কেনেকৈ কৰিব?

0
1062

দৈনন্দিন কৰ্মময় জীৱনত আমি কামৰ মাজত ইয়ানেই ব্যস্ত হৈ গৈছোঁ যে আমাৰ স্বাস্থ্যৰ যতন ল’বলৈও যেন সময় নোহোৱা হৈছে৷ যাৰ পৰিণতিত মানসিক চাপ, দুশ্চিন্তা আদি বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আটাইতকৈ উপযুক্ত উপায় হৈছে প্ৰাণায়াম৷ প্ৰাণায়ামে মানসিক স্বাস্থ্যৰ যতন লোৱাৰ উপৰি শৰীৰ সুস্থ কৰি ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ এনেকুৱা বহু আসন আছে, যাৰ নিয়মিত অভ্যাসে আমাৰ মনৰ একাগ্ৰতা অটুট ৰখাৰ লগতে শৰীৰ সুস্থ কৰি ৰাখিব পাৰে৷ তাৰ ভিতৰত এটা আসন হ’ল নৌকাসন৷ এই আসন দেখিবলৈ নাৱৰ দৰে হোৱা বাবে ইয়াক নৌকাসন বোলা হয়৷ পেট অংশত অত্যধিক পৰিমাণৰ চৰ্বি জমা হোৱাসকলে এই আসন কৰিলে সুফল পোৱা যাব৷ আসন কৰাৰ নিয়মসমূহৰ ভিতৰত প্ৰথমে মজিয়াত কাৰ্পেট পাৰি মানুহজন সম্পূৰ্ণৰূপে শুই ল’ব লাগে৷ দীঘলকৈ উশাহ টানি, তাৰ পাছত উশাহ লাহে লাহে এৰি হাত দুখন আগফালে সমানকৈ আনি ভৰি দুখনো সমানে উঠাই লৈ হাত দুখনেৰে ভৰি দুখন ধৰাৰ দৰে কৰক৷ লগতে বুকুখনো আগলৈ উঠাই দিয়ক৷ মনত ৰখা দৰকাৰ যে হাতৰ আঙুলি ভৰিৰ সৈতে একে কোণত অৱস্থান কৰিব লাগে৷ কেইছেকেণ্ডমান তেনেদৰে থাকিব লাগে৷ তাৰ পাছত লাহে লাহে উশাহ এৰি পুনৰ আগৰ অৱস্থানলৈ আহিব লাগে৷ এনেদৰে কৰাৰ ফলত বাহু, মণিবন্ধ, কৰঙণৰ মাংসপেশী শক্তিশালী কৰাত সহায় কৰে৷ এই আসনে শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সক্ৰিয় কৰে৷ লিভাৰ, কিডনী আদিৰ কাৰ্যকাৰিতা বৃদ্ধি কৰে৷ মানসিক সমস্যা দূৰ কৰাত এই আসনে বৰঙণি যোগায়৷ হজম শক্তি বঢ়োৱাত নৌকাসনে সহায় কৰে৷ নিম্ন ৰক্তচাপ, মূৰৰ বিষ, হাঁপানি আদি ৰোগীসকলে এই আসন কৰাটো উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here