আৰ্লি টু বেড আৰ্লি টু ৰাইজ

0
736
     ইংৰাজীত এষাৰ কথা আছে–Early to bed and early to rise,makes a man healthy, wealthy, and wise৷ অৰ্থাৎ ৰাতি সোনকালে শোৱা আৰু পুৱা সোনকালে শোৱাপাটী এৰা কাৰ্যই মানুহক স্বাস্থ্যৱান, ধনৱান আৰু বুদ্ধিমান কৰি তোলে৷ এই কথাষাৰ একেবাৰে নুই কৰিব নোৱাৰি৷ কিন্তু আজিকালি মানুহৰ ক্ষেত্ৰত তাৰ ওলোটাতোহে দেখিবলৈ পোৱা যায়৷ ৰাতি দেৰিকৈ ভোজন কৰা আৰু দেৰিকৈ শুবলৈ যোৱাটো মানুহৰ অভ্যাসত পৰিণত হৈছে৷ 

Early to Bed, Happy to Rise

কিন্তু আপুনি জনা উচিত ৰাতি সোনকালে শোৱা কাৰ্যই আমাৰ দেহৰ ইমিউনিটি বৃদ্ধি কৰি শৰীৰটোক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে৷ লগতে ৰাতি সোনকালে শুলে স্মৃতিশক্তি বৃদ্ধি, বিভিন্ন ছালৰ সমস্যা, মানসিক অৱসাদ, খং-ৰাগ, দুশ্চিন্তা আদিও আঁতৰ হয়৷ সেয়েহে আমি প্ৰত্যেকেই কমেও আঠ ঘণ্টাকৈ শোৱা দৰকাৰ৷ ইয়াৰ বাবে ৰাতি ১০ বজাৰ আগতে শুই ৰাতিপুৱা যিমান পাৰি সোনকালে উঠাৰ অভ্যাস কৰক৷

Surya Namaskar and the best health benefits of it! - Wordrefill.com

একেদৰে পুৱা সোনকালে শুই উঠাৰ ফলত আপুনি পুৱা সূৰ্য উদয় হোৱাৰ নান্দনিক-অলৌকিক পৰিৱেশ এটা উপভোগ কৰিবলৈও সক্ষম হ’ব৷ ৰাতি সোনকালে শোৱা আৰু পুৱা সোনকালে টোপনিৰ পৰা উঠা সময়খিনিত আমাৰ শৰীৰে প্ৰয়োজনীয় জিৰণি লাভ কৰে, যাৰ বাবে পুৱা আমি নিজকে সতেজ আৰু সক্ৰিয় অনুভৱ কৰোঁ৷ ইয়ে আমাক কামৰ প্ৰতি স্পৃহা যোগায়৷ লগতে আপুনি যদি সোনকালে শুই উঠিয়েই সূৰ্য প্ৰাণায়ামকে ধৰি আন আসন কৰে, তেন্তে ই আমাৰ স্বাস্থ্য ধৰি ৰখাৰ লগতে মানসিকভাৱেও সুস্থ-সবল কৰি তোলাত সহায় কৰে৷ সেয়েহে ৰাতি যিমান পাৰে সোনকালে শুই পুৱা সোনকালে টোপনিৰ পৰা উঠাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here