সাৱধান ! ছুইমিং পুলত প্ৰস্ৰাৱ কৰে নেকি?

0
1588

আজিকালি প্ৰায়সংখ্যক লোকৰে ছুইমিং পুলত সাঁতোৰাৰ অভিজ্ঞতা আছে৷ সৰু ল’ৰা-ছোৱালীক সৰুতে ছুইমিঙত নাম লগাই দিয়াটো এটা নিয়মত পৰিণত হৈছে৷ ইয়াৰ উপৰি ৰিজ’ৰ্ট, শ্বপিংমল, হোটেল, বাৰ, ডাঙৰ অট্টালিকা আদিত ছুইমিং পুল থকাটো দেখিবলৈ পোৱা যায়৷ এটা অপ্ৰিয় যদিও সত্য কথা যে কোনো কোনো লোকে ছুইমিং পুলত পেচাব নকৰাও নহয়৷ এনে কাৰ্যৰ ফলত আপোনাৰ লগতে আনৰো বহু ক্ষতিসাধন হৈ আছে৷ হয়, আমেৰিকান কেমিকেল ছ’চাইটিৰ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড টেকন’লজি নামৰ আলোচনীখনত প্ৰকাশিত তথ্যৰ পৰা জানিব পৰা গৈছে যে প্ৰস্ৰাৱৰ ইউৰিক এচিডে ক্লৰিনৰ লগত মিহলি হোৱাৰ ফলত বিষাক্ত গেছ Trichloramine উৎপন্ন কৰে৷ যি আমাৰ হাওঁফাওঁ, নাৰ্ভ, হৃদৰোগজনিত ৰোগৰ কাৰক হিচাপে দেখা দিব পাৰে৷ ইয়াৰ উপৰি চকু আৰু কণ্ঠনলীত হোৱা ৰোগৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ উপৰি শৰীৰত খজুৱতিৰ দৰে ৰোগেও দেখা দিব পাৰে৷ সেয়েহে আহক, কোনোবাৰ যদি এনে বদঅভ্যাস আছে, আজিয়েই পৰিত্যাগ কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here