নখৰ যতনৰ টিপছ

0
1076

শৰীৰৰ অন্য অংশৰ দৰে নখো সৌন্দৰ্যৰ এটা অংশ৷ সুন্দৰ নখে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰে৷ নখ সুন্দৰ আৰু ইয়াৰ পৰিচৰ্যাৰ বাবে আমি তলত উল্লেখ কৰা টিপছবোৰ কৰোঁ আহক–

(১) নেমু টেঙাত ভিটমিন-চি থাকে বাবে নখৰ যত্নত সহায়ক হয়৷ তিনি চামুচ নেমুৰ ৰসৰ সৈতে এক চামুচ অলিভ অইল কুহুমীয়া গৰম পানীত মিহলি কৰি মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে৷ তাত ১০ মিনিটমান সময় নখবোৰ ডুবাই ৰাখিব লাগে৷ এনে কৰিলে নখৰ দাগবোৰ নোহোৱা হয়৷

(২) নখৰ হালধীয়া ৰং দূৰ কৰাৰ বাবে ৰাতি শোৱাৰ আগে আগে নখত ভেচলিন লগাই ৰাখিব লাগে৷ ৰাতিপুৱা কুহুমীয়া গৰম পানীৰে নখ পৰিষ্কাৰ কৰিব লাগে৷

(৩) সাধাৰণতে বিভিন্ন কাৰণত আমাৰ নখ ভাঙিব পাৰে৷ তেনেকুৱা হ’লে হাৰ্বেল অইলেৰে ৰাতিপুৱা আৰু সন্ধিয়া নিয়মিত মালিচ কৰিলে সুফল পোৱা যায়৷

(৪) নখ নিৰোগী কৰি ৰাখিবলৈ নখৰ মইশ্বৰাইজিঙৰ প্ৰয়োজন হয়৷ সদায় মইশ্বৰাইজিঙৰ বাবে নখত অলিভ অইলেৰে মালিচ কৰক৷

(৫) নাৰিকল তেলেৰে নখবোৰ মইশ্বৰাইজিং কৰিলে নৰম হয়৷ ৰাতি শোৱাৰ সময়ত নাৰিকল তেলৰ লগত¸ কুহুমীয়া গৰম পানীৰে হাত-ভৰিৰ নখবোৰ মালিচ কৰিব লাগে৷ ৰাতিপুৱা শুই উঠি পৰিষ্কাৰ পানীৰে ধুই দিব লাগে৷

(৬) নখ দীঘল হ’বলৈ দিব নালাগে৷ সপ্তাহত দুবাৰ নখ কটাটো আৱশ্যক৷ দীঘল নখৰ গুৰিত মলি বা ধূলি বালি জমা হৈ থাকে৷ অপৰিষ্কাৰ নখত বেক্টেৰিয়াই আক্ৰমণ কৰি ৰোগৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে৷

(৭) সুন্দৰ নখ বুলিলে সাধাৰণতে সুস্থ আৰু মসৃণ নখকহে বুজা যায়৷ নিয়মিত পুষ্টিকৰ খাদ্য খাব লাগে, ইয়ে নখ মজবুত কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here