খং নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? How to control your anger?

0
863

খং হৈছে মানুহৰ এনে এক মানসিক প্ৰতিক্ৰিয়া, যিয়ে এখন ঘৰ, এটা বহুদিনীয়া ভাল সম্পৰ্ক নিঃশেষ কৰি দিব পাৰে৷ এই প্ৰতিক্ৰিয়াৰ ফলত সময়ে সময়ে বহুতো অপ্ৰীতিকৰ ঘটনা ঘটা দেখিবলৈ পোৱা যায়৷ কিছুমান এনেকুৱা লোকো আছে, যাৰ সৰু সৰু কথাতে খং উঠে৷ বিচৰা বস্তু সময়মতে নাপালে, কাৰোবাৰ কথাত মন নিমিলিলে, অহংকাৰ, শাৰীৰিক অসুস্থতা আদি বিভিন্ন কাৰণত খং উঠে৷ কিন্তু এটা সম্পৰ্ক ভালে ৰাখিবলৈ হ’লে খং নিয়ন্ত্ৰণ কৰাটো অতিকে জৰুৰী৷ আপুনিও নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে নেকি, তেন্তে লওক এইকেইটা টিপছ৷

(১) খং উঠিলে আপুনি বাহিৰত মুকলি ঠাইলৈ ওলাই যাব পাৰে৷ মুকলি বতাহে আপোনাৰ মগজু শান্ত কৰি খং কমাব পাৰে৷

Woman breathing fresh air relaxed on vacation Stock Photo by ©AntonioGuillemF 46823897


(২) যিমানে খং নুঠক কিয় পৰাপক্ষত মনে মনে থকাটো ভাল৷ কিয়নো এবাৰ এৰা বাণ পুনৰ ঘূৰি নহাৰ দৰে আপোনাৰ খঙত ওলোৱা এষাৰ বাক্যই সন্মুখৰ মানুহজনৰ মনত আঘাত দিব পাৰে৷

10 Reasons Why You Probably Don't Want to Speak to the News Media


(৩) গোটেই দিনটো স্ত্ৰেচফুল হ’লে বা কামৰ অধিক বোজাৰ বাবে খং নিয়ন্ত্ৰণ শক্তি হেৰাই যায়৷ সেয়েহে যিমানে কামৰ বোজা নহওক কিয় মাজে মাজে সৰু বিৰতি ল’লে ই আপোনাৰ স্ত্ৰেচ কমাব পাৰে৷

The Tea Break | Film Riot Stay At Home Short Film Entry - YouTube


(৪) ডীপ ব্ৰিডিং এক্সাৰছাইজ, অৰ্থাৎ উশাহ-নিশাহৰ ব্যায়াম কৰিলেও ই মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি খং নিয়ন্ত্ৰণত ৰাখিব পাৰে৷

How To Start Body Dynamic Breathing Practice - Tantra Nectar


(৫) অধিক খং উঠিলে সেই কথাটোৰ পৰা এৰাই চলাই মনপচন্দৰ গান শুনিবলৈ চেষ্টা কৰক৷

333,114 Listening To Music Stock Photos, Pictures & Royalty-Free Images - iStock


(৬) যদি খং নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেন্তে হেডবাথ ল’লেও ই কিছু পৰিমাণে আপোনাক সকাহ দিব পাৰে৷

This the right way to wash your hair | Be Beautiful India

LEAVE A REPLY

Please enter your comment!
Please enter your name here