নিৰ্ধাৰিত গতিবেগত গাড়ী চলাওক অন্যথা ভৰিব জৰিমনা

0
299

অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহনৰ গতিবেগ নিধাৰ্ৰণ কৰি যোৱা ২৩ মে’ত অনুমোদন জনায়৷ উল্লেখ্য যে ইয়াৰ পূবেৰ্ যান-বাহনৰ গতিবেগ ৰাজ্যিক কেবিনেটে নিৰ্ধাৰণ কৰি ৰাইজৰ মতামত গ্ৰহণ কৰিছিল৷ 
মতামত গ্ৰহণ কৰাৰ অন্তত জনতা ভৱনত ৰাজ্যিক কেবিনেটত ফ’ৰলেন হাইৱে’, ৰাজ্যিক ঘাইপথ আৰু পৌৰ এলেকাত যান-বাহনৰ গতিবেগত চূড়ান্ত অনুমোদন জনোৱা হয়৷ চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে কেবিনেটৰ সিদ্ধান্ত মৰ্মে বিভাগে জাননী জাৰি কৰাৰ পাছত ফ’ৰলেন ঘাইপথত যান-বাহনৰ গতিবেগ সৰ্বাধিক হ’ব ১০০ কিলোমিটাৰ৷ কেবিনেটে অনুমোদন জনোৱা অনুসৰি যান-বাহনৰ প্ৰতি ঘণ্টাত গাড়ীৰ গতিবেগ কিমান হ’ব, সেয়া তলত উল্লেখ কৰা হ’ল৷
৮খন আসনযুক্ত ব্যক্তিগত বাহনৰ ক্ষেত্ৰত পৌৰ এলেকাত প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ, ফ’ৰলেন ঘাইপথত ৭০ কিঃমি আৰু ৰাজ্যিক ঘাইপথত ৬০ কিঃমি, ৮খন আসনযুক্ত যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত পৌৰ এলেকাত প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ, ফ’ৰলেন ঘাইপথত ৭০ কিঃমি আৰু ৰাজ্যিক ঘাইপথত ৬০ কিঃমি, ৯জন বা ততোধিক যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত পৌৰ এলেকাত প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ, ফ’ৰলেন ঘাইপথত ৭০ কিঃমি 
আৰু ৰাজ্যিক ঘাইপথত ৬০ কিঃমি, ৯জন বা ততোধিক সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত পৌৰ এলেকাত প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ, ফ’ৰলেন ঘাইপথত ৬০ কিঃমি আৰু ৰাজ্যিক ঘাইপথত ৪০ কিঃমি, দুচকীয়া বাহনৰ ক্ষেত্ৰত পৌৰ এলেকাত প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ, ফ’ৰলেন ঘাইপথত ৬০ কিঃমি আৰু ৰাজ্যিক ঘাইপথত ৬০ কিঃমি, তিনিচকীয়া বাহনত পৌৰ এলেকাত প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ, ফ’ৰলেন ঘাইপথত ৫০ কিঃমি আৰু ৰাজ্যিক ঘাইপথত ৫০ কিঃমি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here