ৰাজ্যত বিজ্ঞানসন্মতভাৱে গাখীৰ উৎপাদন : ক’ত ?

0
549

ৰাজ্য চৰকাৰে দৈনিক দহ হাজাৰ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য হিচাপে লৈ নতুন প্ৰজন্মক এই ব্যৱসায়ৰ প্ৰতি আকৰ্ষণ কৰাৰ সময়তে যোৰহাটৰ এগৰাকী ব্যৱসায়ীয়ে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে গাখীৰ উৎপাদন কৰি ৰাজ্যখনতে সমাদৰ লাভ কৰাৰ লগতে তেওঁৰ ডায়েৰী ফাৰ্মখন সহস্ৰজনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷
২০১৫ চনতে প্ৰথমবাৰৰ বাবে মিল্ক  পাৰ্লাৰ স্থাপন কৰি সম্পূৰ্ণ স্বাস্থ্যসন্মত পৰিৱেশত দুগ্ধ উৎপাদন কৰি অহা যোৰহাটৰ আগশাৰীৰ মধুৰ ডায়েৰীৰ স্বত্বাধিকাৰীগৰাকী হ’ল ৰাতুল বৰুৱা৷ বিজ্ঞানসন্মতভাৱে গোহালি নিৰ্মাণ কৰি উন্নতজাতৰ গৰু আনি আৰম্ভ কৰা মধুৰ ডায়েৰী এতিয়া ৰাজ্যৰ ভিতৰতে লেখত ল’বলগীয়া ফাৰ্মত উপনীত হৈছে৷ 
প্ৰথমে ২০১৫ চনত তিনিজনী গৰু লৈ আৰম্ভ কৰা বৰ্তমান ফাৰ্মখনত হলেষ্টিয়ান ফিজিয়ান আৰু জাৰ্চি প্ৰজাতিৰ গৰু আছে৷ মধুৰ ডায়েৰীৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে অসমৰ জলবায়ুৰ বাবে জাৰ্চি প্ৰজাতিৰ গৰুৰ গাখীৰ উৎপাদন ভাল৷ 
লক্ষণীয় যে মধুৰ ডায়েৰীত দৈনিক ৩৪০ লিটাৰ গাখীৰ উৎপাদন হয় আৰু স্থানীয় গাখীৰ উৎপাদকসকলৰ পৰা ৬০০ লিটাৰ গাখীৰ লয়৷ আনহাতে পুৱাই প্ৰতিদিনে গাঁৱৰ লগতে নগৰৰ ৱাৰ্ডতে মধুৰ ডায়েৰীৰ ৬খন মিল্ক ভেনেৰে প্ৰায় ৭০০ লিটাৰ নিৰ্ভেজাল গাখীৰৰ আধা লিটাৰকৈ পাউচ বিক্ৰীৰ ব্যৱস্থা কৰে৷ 
উল্লেখ্য যে মধুৰ ডায়েৰীত পোনপ্ৰথমে মিল্ক পাৰ্লাৰ স্থাপন কৰি হাইজেনিক ছিষ্টেমত গাখীৰ খীৰোৱা কাম কৰি আহিছে৷ ২০১৬ চনতে মিল্ক পাৰ্লাৰ আনি গাখীৰ খীৰোৱা ৰাজ্যত অন্য ফাৰ্ম নাই বুলি তেওঁ জানিবলৈ দিয়ে৷ 
লক্ষণীয় যে মধুৰ ডায়েৰীৰ এই মিল্ক পাৰ্লাৰত একেলগে ১২জনী গৰুৰ গাখীৰ খীৰাব পাৰি৷ গাখীৰখিনি মেচিনাৰীৰ যোগেদি খীৰাই কুলিং ছিষ্টেমলৈ যায়৷ ডায়েৰীখনত গাখীৰ খীৰোৱাৰ পৰা পেকেজিং কৰালৈকে মানুহৰ প্ৰয়োজন নহয়৷ অত্যাধুনিক মেচিনাৰীৰ যোগেদি এই কাম সমাধা হয়৷ 
স্বত্বাধিকাৰী ৰাতুল বৰুৱাই জনোৱা মতে ভৱিষ্যতে প্ৰতি ঘণ্টাত এহেজাৰ লিটাৰ গাখীৰ পেষ্টুৰাইজড কৰিব পৰা কেপাচিটিৰ মেচিন অনাৰ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে ইয়াৰ জৰিয়তে লাচি, ফেডাড মিল্ক পনীৰ, দৈ আদি বিভিন্ন প্ৰকাৰৰ প্ৰডাক্ট তৈয়াৰ কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here