দুপৰ টেঙাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

0
380

দুপৰ টেঙা এবিধ ৰসাল উদ্ভিদ৷ এই উদ্ভিদৰ পাত, কাণ্ড আৰু শিপা অংশ আৰু ইয়াৰ ৰাসায়নিক পদাৰ্থৰ থেৰাপিউটিক মূল্য আছে৷ ইয়াক সাধাৰণতে বিভিন্ন দেশৰ ভেষজ চিকিৎসকে সকলো ৰোগৰ বাবে আৰোগ্য ঔষধি হিচাপে ব্যৱহাৰ কৰে৷ পাতৰ পৰাই বংশবৃদ্ধি হয় বাবে পাতেগজা বুলিও কোৱা হয়৷ এইবিধ ঔষধি গুণেৰে ভৰা উদ্ভিদৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷
উশাহ চুটি হোৱা, বুক্ক বিকল হোৱা, ঋতুস্ৰাৱৰ সমস্যা, হাঁপানি, কাহ, ব্ৰংকাইটিছৰ লগতে বুকুৰ চৰ্দি আদিৰ দৰে সমস্যাৰ সমাধানৰ বাবে দুপৰ টেঙা বা পাতেগজা অত্যন্ত উপকাৰী৷
পাকস্থলীৰ বিষৰ চিকিৎসাৰ বাবে দুপৰ টেঙা পাতৰ ৰস সেৱন কৰিব পাৰে৷
ডায়েৰিয়া, কলেৰা, নেফ্ৰাইটিছ, লিথিয়াছিছ আদি ৰোগৰ চিকিৎসাৰ বাবে দুপৰ টেঙাৰ ৰস ব্যৱহাৰ কৰা হয়৷
দুপৰ টেঙাৰ ৰস উলিয়াই অলপ নিমখ মিহলাই খালে চৰ্দি, কাহ, অন্ত্ৰৰ সমস্যা, দাঁতৰ অসুখত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here