নিচাৰ কবলত পৰিছে দেশৰ ভৱিষ্যৎ নৱ প্ৰজন্ম

0
1322

দেশৰ ভৱিষ্যতৰ নাগৰিক কিশোৰ-কিশোৰীসকল যেন নিচাৰ কবলত পৰিছে৷ নিচাসক্ত হৈ পৰিছে বৰ্তমানৰ নৱ প্ৰজন্ম৷ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিচাজাতীয় সেৱন কৰা যুৱক-যুৱতীৰ সংখ্যা৷ শিশুৰ পৰা বয়সস্ক বিভিন্ন বয়সৰ লোকে নিচাৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ এক প্ৰতিবেদনত দেশৰ ১০-১৭ বছৰ বয়সৰ প্ৰায় ৬২ লাখ যুৱক-যুৱতী নিচাৰ কবলত পৰিছে৷ 
আনহাতে ১৮-৭৫ বছৰ বয়সৰ চাৰি কোটি লোকে নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি আহিছে৷ ইয়াক ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে আপ্ৰাণ চেষ্টা চলাই আহিছে৷ গৃহ মন্ত্ৰ্যালয় প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আঠ সহস্ৰাধিক স্বেচ্ছাসেৱকক নিচামুক্তি অভিযানৰ বাবে নিয়োগ কৰা হৈছে৷ এইসকল স্বেচ্ছাসেৱকে ভাৰতৰ ২৭২খন স্পৰ্শকাতৰ জিলাত নিচামুক্তি অভিযান আৰম্ভ কৰিছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে দেশৰ ২.৯০ কোটি লোকেই ভাং আদি নিচাজাতীয় সামগ্ৰী সেৱন কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ  এই প্ৰচেষ্টাই নিচাসক্ত লোকসকলৰ সুপথে আনিব পৰা যাব বুলি আশা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here