মাধমাৰ ! ৰাজ্যত বৃদ্ধি পাব গাখীৰৰ মূল্য

0
1424

ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰত পুনৰ বৃদ্ধি হ’ব গাখীৰৰ দাম৷ অহা এক আগষ্টৰ পৰা কাৰ্যকৰী হ’ব গাখীৰৰ নতুন নিৰিখ৷ ৰাজ্যত এক আগষ্টৰ পৰা চ্ছ্ৰ টকাকৈ বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰৰ দাম৷ বৃহত্তৰ গুৱাহাটী গোপালক সংস্থাই এক আগষ্টৰ পৰা গাখীৰৰ দাম প্ৰতি লিটাৰত চ্ছ্ৰ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ পূৰ্বতে গাখীৰৰ খুঁটিৰ দাম আছিল ৫০ টকা৷ 
অহা এক আগষ্টৰ পৰা খুঁটিৰ দাম চ্ছ্ৰ টকা বৃদ্ধি কৰি ৫৪ টকা কৰাৰ সিদ্ধান্ত  গ্ৰহণ কৰিছে গুৱাহাটী গোপালক সংস্থাই৷ যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰত গাখীৰৰ পাইকাৰী দাম ৬৫ টকালৈ বৃদ্ধি পাব৷ উল্লেখ্য যে গুৱাহাটী গোপালক সংস্থাৰ অধীনত মুঠ ১০৫০খন ফাৰ্ম আছে৷ এই ফাৰ্মসমূহত প্ৰতিদিনে উৎপাদন হয় এক লাখ ৫১ হাজাৰ ২০০ লিটাৰ গাখীৰ৷ আনহাতে গুৱাহাটী মহানগৰত দৈনিক মুঠ এক লাখ ৬০ লিটাৰ গাখীৰ বিক্ৰী হৈ আহিছে৷ গুৱাহাটীত ৫০০ৰো অধিক লোক গাখীৰ ব্যৱসায়ত নিয়োজিত হৈ আছে৷  উল্লেখ কৰিব পাৰি যে গাখীৰৰ দাম বৃদ্ধিৰ পাছত আকৌ মিঠাই আৰু অন্যান্য গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীৰ দামো যে বৃদ্ধি হ’ব পাৰে, সেইটো নিশ্চিত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here