মাংকি পক্সক WHO-ৰ আন্তঃৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা

0
380

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ দ্ৰুতগতিত বিয়পি পৰা মাংকি পক্সক এটা আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰী অৱস্থা অৰ্থাৎ গ্ল’বেল হেল্‌থ ইমাৰ্জেন্সি বুলি ঘোষণা কৰে৷ ইয়াৰ অৰ্থ হ’ল এতিয়া WHO-’ই মাংকি পক্সৰ প্ৰাদুৰ্ভাৱক আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্যৰ প্ৰতি যথেষ্ট ডাঙৰ ভাবুকি বুলি গণ্য কৰিছে৷ এই ভাবুকিৰ বিৰুদ্ধে এটা সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ প্ৰয়োজন৷ 
এই ৰোগৰ উৎপত্তি কেন্দ্ৰ ইউৰোপ৷ এই বছৰ এই পৰ্যন্ত ৭৫খন দেশত ১৬ হাজাৰ লোকৰ মাংকি পক্সৰ সংক্ৰমণ হৈছে৷ এই বছৰ এই ৰোগত আফ্ৰিকাত পাঁচজন লোকৰ মৃত্যু হৈছে৷ আফ্ৰিকাৰ বাহিৰত কোনো লোকৰ মৃত্যু হোৱা নাই৷ পুৰুষ সমকামীসকলৰ এই ৰোগ হোৱাৰ বিপদ বেছি৷ মাংকি পক্স ভাইৰাছৰ সংক্ৰমণ হ’লে শৰীৰত পিম্পল বা ব্লিষ্টাৰৰ নিচিনা দমলা বান্ধে আৰু খুব বিষ হয়৷ WHO-’ই আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰী অৱস্থা বুলি ঘোষণা কৰাৰ অৰ্থ হ’ল এই ৰোগৰ প্ৰাদুৰ্ভাৱ এটা ‘অগতানুগতিক ঘটনা’ আৰু অধিক দেশলৈ বিয়পিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here