নাছাই ক’লে : পৃথিৱীৰ পৰা মঙল গ্ৰহ পাবলৈ মাত্ৰ ৪৫ দিন লাগিব

0
139

বিশ্বৰ কেইবাখনো দেশে মঙল গ্ৰহলৈ মানুহ পঠিয়াবলৈ প্ৰস্তুতি চলাইছে৷ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মতে, পৃথিৱীৰ পৰা মঙল গ্ৰহলৈ বৰ্তমান যাত্ৰাৰ সময় হৈছে সাত মাহ৷ মঙল গ্ৰহলৈ যোৱা প্ৰায় সকলো ৰকেটৰে প্ৰায় সিমান সময়ে লাগিছে৷ কিন্তু এতিয়া এক নতুন প্ৰযুক্তিৰ সহায়ত মাত্ৰ ৪৫ দিনত মঙল গ্ৰহ পাবগৈ পৰা হ’ব৷ এই নতুন প্ৰযুক্তিৰ নাম হৈছে ‘নিউক্লিয়াৰ থাৰ্মেল এণ্ড নিউক্লিয়াৰ ইলেকট্ৰিক প্ৰপেলেশ্যন৷’ নাছাই মঙল গ্ৰহলৈ মানুহ প্ৰেৰণ কৰিবলৈ এনে এটা ৰকেট নিৰ্মাণ কৰিবলৈ লৈছে, য’ত পাৰমাণৱিক ইন্ধন ব্যৱহাৰ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here