স্মাৰ্টফোনৰ তলৰ ফুটাটোৰ কাম কি : আপুনি হয়তো নাজানে?

0
123


মানৱ জীৱনশৈলীত মোবাইল ফোনটো এতিয়া এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ হাতৰ টিপতে সমস্ত বিশ্বখন হাতে পোৱা, সকলো স্তৰৰ খবৰ, বিত্তীয় লেনদেন, যোগাযোগ প্ৰধান তথা অন্যতম মাধ্যম হৈ পৰিছে স্মাৰ্টফোনটো৷ এটা ফোনৰ বিভিন্ন ধৰণৰ বস্তু থাকে, ইয়াৰে কিছুমানৰ কাম কি বা কিয় ফোনত আছে সেই কথাটো আমি বহুতেই নাজানো৷ বা জনাৰ প্ৰয়োজনবোধ নকৰোঁ৷ এইবোৰৰ ভিতৰত স্মাৰ্টফোন এটাৰ চাৰ্জিং প’ৰ্টৰ ওচৰত এটা ফুটা বা ছিদ্ৰ থাকে৷ এই ফুটাটোৰনো কি কাম আমি বহুতে অৱগত নহয়৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে এই ফুটাটো অবিহনে আমি স্মাৰ্টফোন ব্যৱহাৰ কৰিব নোৱাৰোঁ৷ এই ফুটা দেখাত সৰু তথা সহজ হ’লেও ইয়াৰ আছে বহুত কাম৷ এই ফুটাটোৰ জৰিয়তে আপুনি ভাল কলিং অভিজ্ঞতা লাভ কৰিব পাৰে৷ ই আপোনাৰ কললৈ উন্নত মানদণ্ড আনে৷ দৰাচলতে এতিয়া প্ৰতিটো স্মাৰ্টফোনতে এটা নয়েজ কেন্সেলেশ্যন মাইক আগবঢ়োৱা হৈছে৷ ইয়াৰ জৰিয়তে আপুনি নীৰৱে ভাল মানদণ্ডৰ ফোন কৰিব পাৰে৷ এই সৰু ফুটাটোৰ বাবেই আপোনাৰ চাৰিওফালৰ শব্দ সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো সম্ভৱ হয়৷ এই ফুটাটোৰ বাবেই এজনে আনজনৰ মাতটো সম্পূৰ্ণ তথা ভালদৰে শুনা পায়৷ প্ৰতিটো স্মাৰ্টফোনতে এই বৈশিষ্ট্য প্ৰদান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here