সামুদ্ৰিক মাছৰ গুণাগুণ তথা উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

0
355


মাছ আমাৰ সকলোৰে প্ৰিয় খাদ্য হিচাপে ধৰা হয়৷ ইয়াৰ লগতে সামুদ্ৰিক মাছ বহুৰেই প্ৰিয় খাদ্য৷ ইয়াৰ স্বাদ তথা গুণাগুণ অলপ সুকীয়া৷ শৰীৰৰ বিভিন্ন সমস্যা সমাধান তথা শৰীৰৰ নিৰোগী কৰি ৰাখিবলৈ মাছ খোৱাটো অত্যন্ত আৱশ্যক৷ মাছৰ পৰা শৰীৰে পুষ্টি লাভ কৰে৷ শৰীৰক প্ৰ’টিন, ভিটামিন আদিৰ যোগান মাছৰ পৰাই পোৱা যায়৷ সামুদ্ৰিক মাছ গুণ তথা উপকাৰিতাৰ বিষয়ে জানো আহক৷
মানুহৰ দেহৰ প্ৰয়োজনীয় পুষ্টিৰ চাহিদা পূৰণ কৰি নানা ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰিবলৈ সক্ষম হয় সামুদ্ৰিক মাছে৷ সামুদ্ৰিক মাছত জিংক আৰু আয়োডিন পোৱা যায়৷ জিংকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আয়োডিনে গলগণ্ড ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷
সামুদ্ৰিক মাছ সহজে পৰিপাকযোগ্য৷ সামুদ্ৰিক মাছ ভিটামিন-বিৰ উৎকৃষ্ট উৎস বাবে ই দেহৰ বৃদ্ধি আৰু ক্ষয় ৰোধত সহায় কৰে৷
সামুদ্ৰিক মাছত প্ৰচুৰ পৰিমাণে ছিলেনিয়াম থাকে, যিয়ে দেহত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে৷ ছামন, মেকৰেল আদি মাছত ভিটামিন-এ আৰু ভিটামিন-ডি যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে হাড় শক্তিশালী-মজবুত তথা শৰীৰ সুস্থ ৰখাত সহায় কৰে৷
সামুদ্ৰিক মাছত ওমেগা৩ ফেটি এচিড যথেষ্ট পৰিমাণে থাকে, যিয়ে হৃদৰোগৰ বাবে উপকাৰী৷ এই ফেটি এচিডে হৃদৰোগ প্ৰতিৰোধত মুখ্য ভূমিকা গ্ৰহণ কৰে৷
শৰীৰৰ কলেষ্টৰেলত মাত্ৰা নিয়ন্ত্ৰণত সামুদ্ৰিক মাছে সহায় কৰে৷ আনহাতে সামুদ্ৰিক মাছৰ তেলে দেহৰ ওজন নিয়ন্ত্ৰণ কৰাত অৰিহণা যোগায়৷
গৰ্ভৱতী মহিলাসকলৰ গৰ্ভকালীন সময়ত সামুদ্ৰিক মাছ খাবলৈ দিলে সন্তান বুদ্ধিদীপ্ত হয়৷ আনহতে ডায়েবেটিছ ৰোগ ভোগাসকলৰ বাবে সামুদ্ৰিক মাছ অত্যন্ত উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here