নতুন SOP : নিশা ১০ বজালৈ বাণিজ্যিক প্ৰতিষ্ঠান খোলা (New SOP: business establishments to remain open till 10 pm)

0
1506
ৰাজ্যত কভিড পৰিস্থিতি পূৰ্বতকৈ অধিক উন্নত হোৱাত ৰাজ্য চৰকাৰে নতুন SOP জাৰি কৰিছে৷ ২৬ অক্টোবৰত জাৰি কৰা নতুন SOP-ৰ জৰিয়তে ৰাজ্যত সান্ধ্য আইনৰ সময়সীমা ৬ ঘণ্টালৈ হ্ৰাস কৰা হৈছে৷ নতুন SOP-ৰ জৰিয়তে ১০জনতকৈ অধিক লোক কভিডত আক্ৰান্ত হোৱা এলেকাক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ কথা প্ৰকাশ কৰা হৈছে৷ আনহাতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ জাৰি কৰা SOP- অনুসৰি এতিয়াৰ পৰা ৰাজ্যত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব৷ আনহাতে নিশা ১০ বজালৈ সকলো বাণিজ্যিক প্ৰতিষ্ঠান খোলা থাকিব ৷ সকলো কাৰ্যালয় নিয়মীয়াকৈ চলিব পাৰিব যদিও নিশা ১০ বজাৰ পাছত জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সকলো কাৰ্যালয় বন্ধ কৰিব লাগিব৷ ৰেস্তোৰাঁ, ধাবা আদি ৫০ শতাংশ গ্ৰাহকক লৈ চলিব লাগিব৷ ৰাজহুৱা পৰিবহণ ব্যৱস্থা কভিড নীতি নিয়ম-মানি চলিব লাগিব আৰু চৰ্ত সাপেক্ষে ১০০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব৷ মটৰ চাইকেলত আৰোহী তুলিব পাৰিব যদিও চালক আৰু আৰোহী দুয়োজনে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ বিবাহ অনুষ্ঠান আৰু শেষকৃত্য অনুষ্ঠানত সৰ্বাধিক ৫০জন লোক উপস্থিত থাকিব পাৰিব৷ কিন্তু সকলোৱে ভেকচিন লোৱা হ’ব লাগিব৷ ধৰ্মীয় অনুষ্ঠানত এঘণ্টাত ৪০জন সম্পূৰ্ণ ভেক্‌চিন লোৱা লোক আৰু ঐতিহ্যপূৰ্ণ স্থানত প্ৰতি ঘণ্টাত সম্পূৰ্ণ ভেক্‌চিন লোৱা ৬০জন লোক সমবেত হ’ব পাৰিব৷ সাপ্তাহিক বজাৰ ছঘণ্টালৈ বহিবলৈ অনুমতি দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here