ছালমনেলাৰ ব্যাপক প্ৰাদুৰ্ভাৱ : উৎস-পিঁয়াজ !

0
1267
সমগ্ৰ আমেৰিকাৰ লোকসকলক লেবেল নলগোৱা ৰঙা, বগা আৰু হালধীয়া ৰঙৰ পিঁয়াজ পেলাই দিবলৈ পৰামৰ্শ দিয়া হৈছে৷ দেশখনৰ ৩৭খন ৰাজ্যত ছালমনেলাৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ কাৰণে শ শ লোক অসুস্থ হৈ পৰাৰ পাছত এই পৰামৰ্শ দিয়া হৈছে৷ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ চমুকৈ CDCP-এ কয় যে সংক্ৰমণৰ এটা উৎস মেক্সিকোৰ চিহুৱাহুৱাৰ পৰা আমদানি কৰা পিঁয়াজ বুলি ধৰা পেলোৱা হৈছে৷ এই পিঁয়াজবোৰ বিতৰণ কৰিছিল ইডােহাৰ হেইলি নামৰ ঠাইৰ এটা কোম্পানীয়ে৷ এইপৰ্যন্ত ৬৫২জন লোক অসুস্থ হৈছে আৰু ১২৯জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ কোনো লোকৰ মৃত্যু হোৱা নাই৷ অসুস্থ হৈ পৰা ৭৫শতাংশ লোকে সম্ভৱ কেঁচা পিঁয়াজ খাইছিল বা পিঁয়াজেৰে ৰন্ধা খাদ্য খাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here