টুথব্ৰাছডাল কেতিয়া সলনি কৰিব ? When will you replace your toothbrush?

0
347
    পুৱা বিছনাৰ পৰা উঠিয়েই টুথব্ৰাছডাল বিচৰাটো সকলোৰে এক পৰিচিত অভ্যাস৷ নিত্য ব্যৱহাৰ কৰা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ ভিতৰত টুথব্ৰাছডাল এক অন্যতম আহিলা৷ কিন্তু আমি বহুতেই এই টুথব্ৰাছডাল মাহৰ পাছত মাহ ব্যৱহাৰ কৰাৰ পাছতে পেলাই নিদি ব্যৱহাৰ কৰি থাকোঁ৷ তেনে কৰা উচিতনে ? উত্তৰত ক’ব লাগিব মুঠেও নহয়৷ এডাল টুথব্ৰাছ একেলেথাৰিয়ে কেইবামাহ ধৰি ব্যৱহাৰ কৰা অনুচিত৷ আমি ব্যৱহাৰ কৰা টুথব্ৰাছৰ এটা নিৰ্দিষ্ট সময়লৈ ম্যাদ আছে৷ দেখাত একে থাকিলেও এটা সময়ৰ ভিতৰত ইয়াৰ কাৰ্যকাৰিতা কমে আৰু ইয়াত নানা বীজাণুৱে বাস কৰিবলৈ লয়৷ গতিকে তেনে টুথব্ৰাছ ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয়৷
The Old Toothbrush Used Expired (damaged) Variety Of Colors On The Blue Background. Concept Used For Manufacturing Health Industry Professional Dentist Or Often Should Change Your Toothbrush. Stock Photo, Picture And Royalty

আমেৰিকাৰ Centers for Disease Control and Prevention-এ পৰামৰ্শ দিছে যে প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে আমি টুথব্ৰাছ সলনি কৰা উচিত৷ টুথব্ৰাছ কেইদিনমান ব্যৱহাৰ কৰাৰ পাছত বেঁকা হ’বলৈ আৰম্ভ কৰে৷ তেনে টুথব্ৰাছ ব্যৱহাৰ কৰা উচিত নহয়৷ অন্যথা এই টুথব্ৰাছ ব্যৱহাৰ কৰাৰ ফলত ইয়াত থকা বীজাণুৰ জৰিয়তে আমাৰ অনিষ্ট সাধন হ’ব পাৰে৷ আনহাতে যিসকলে বৈদ্যুতিক টুথব্ৰাছ ব্যৱহাৰ কৰে, তেওঁলোকে প্ৰতিটো সপ্তাহৰ মূৰত টুথব্ৰাছৰ মূৰবোৰ সলনি কৰিব লাগে৷ আপুনি যদি মুখৰ কোনো সংক্ৰমণত ভুগিছে, তেতিয়াও টুথব্ৰাছ সলনি কৰাটো জৰুৰী৷ মনত ৰখা উচিত যে আপোনাৰ যদি জ্বৰ হৈছে বা অভ্যন্তৰীণ কোনো ৰোগ হয়, ৰোগৰ উপশমৰ পাছতে টুথব্ৰাছ সলনি কৰিব৷ কিয়নো আগতে ব্যৱহাৰ কৰা টুথব্ৰাছডালৰ পৰা আপুনি সংক্ৰমিত হ’ব পাৰে৷ ইয়াৰ উপৰি আপুনি কেতিয়াও আনে ব্যৱহাৰ কৰা টুথব্ৰাছ ব্যৱহাৰ নকৰিব৷ Centers for Disease Control and Prevention-এ জনোৱা মতে টুথব্ৰাছ সলনি নকৰাৰ ফলত পুৰণি টুথব্ৰাছত যিধৰণৰ জীৱাণু থাকে সেইবোৰে মুখৰ ভিতৰ বা কণ্ঠনলীৰ সংক্ৰমণ ঘটাই ৰোগ সৃষ্টি কৰিব পাৰে৷ অন্ত্ৰ, পেটৰ সমস্যা বা শৰীৰৰ অভ্যন্তৰীণ সমস্যা আদিৰো কাৰক হ’ব পাৰে মাহ মাহ ধৰি ব্যৱহাৰ কৰি থকা টুথব্ৰাছডাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here