নতুন ভেৰিয়েণ্ট ডেল্টা-৩: বিশ্বত ত্ৰাস সৃষ্টিৰ আশংকা বিশেষজ্ঞৰ

0
1282
কৰ’না ভাইৰাছৰ নতুন ৰূপে সমগ্ৰ বিশ্বৰে বিজ্ঞানীসকলক চিন্তিত কৰি তুলিছে৷ বিগত কেইটামান সপ্তাহত আমেৰিকাত কৰ’নাৰ সংক্ৰমণ পুনৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ মূলতে কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট ডেল্টা-৩ বুলি কোৱা হৈছে৷ কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট দ্ৰুতগতিত আন দেশলৈ বিয়পাৰ আশংকা কৰা হৈছে৷ ডেল্টা-৩ ভেৰিয়েণ্ট ডেল্টাৰ আগতে পোৱা ভেৰিয়েণ্টবোৰতকৈ অধিক ক্ষিপ্ৰতাৰে সংক্ৰমিত হয়৷ ইয়াৰ লগতে এই ভেৰিয়েণ্টে ভেক্‌চিন লোৱা ব্যক্তি বা আগতে সংক্ৰমণ হোৱা ব্যক্তিকো সংক্ৰমিত কৰিব পাৰে৷ ভাৰতত এতিয়ালৈকে ডেল্টা-৩ ভেৰিয়েণ্টক সংক্ৰমণ হোৱা নাই যদিও জিনম ছিকুৱেঞ্চিঙৰ জৰিয়তে সতৰ্ক দৃষ্টি ৰখা ইনছাকগে সতৰ্কতা জাৰি কৰিছে৷ এতিয়া ডেল্টা-৩ ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱাৰ তথ্য লাভ কৰাৰ পাছত বিশ্বৰ সকলো দেশকে সতৰ্ক কৰি দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here