প্ৰেমৰ প্ৰতিদান ! শয্যাশায়ী স্বামীৰ শুক্ৰাণুৰ পৰা মাতৃত্বৰ আৱেদন

0
1528


গুজৰাট উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে আৰু ন্যায়ালয়ৰ ন্যায়াধীশকো চিন্তিত কৰিছে৷ এগৰাকী মহিলাই মৃত্যুৰে যুঁজি থকা স্বামীৰ শুক্ৰাণুৰ পৰা মাতৃত্ব অৰ্জন কৰাৰ বাবে গুজৰাট ন্যায়ালয়ত আৱেদন জনাইছে৷ মহিলাগৰাকীয়ে প্ৰেমৰ অন্তিম স্বাক্ষৰ স্বৰূপে স্বামীৰ শুক্ৰাণুৰে সন্তান জন্ম দিবৰ বাবে কাতৰ আহবান জনায়৷ অৱশেষত প্ৰেমৰ দাবীৰ ওচৰত সেও মানি গুজৰাট উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ মৃতপ্ৰায় স্বামীৰ শুক্ৰাণুৰে গৰ্ভধাৰণ কৰিবলৈ অনুমতি প্ৰদান কৰে৷ আদালতৰ নিৰ্দেশ পোৱাৰ পাছতে IVF পদ্ধতিৰে চিকিৎসকে আৰম্ভ কৰে শুক্ৰাণু সংগ্ৰহ প্ৰক্ৰিয়া৷ গুজৰাটৰ ষ্টালিং হাস্পতালত মৃত্যুৰে যুঁজি থকা মহিলাগৰাকীৰ স্বামীৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰে হাস্পতালখনে৷ উল্লেখ্য যে কানাডাত বাস কৰা মহিলাগৰাকীৰ স্বামীগৃহ গুজৰাটৰ আহমেদাবাদত৷ কভিডত আক্ৰান্ত হৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটা মহিলাগৰাকীৰ স্বামী যোৱা ১০ মে’ত হাস্পতালখনত ভৰ্তি হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here