Stretch Marks কেনেদৰে আঁতৰ কৰিব?

0
1411
পুৰুষ-মহিলা উভয়ৰে হোৱা ছালৰ সমস্যা হৈছে Stretch Marks৷ এই সমস্যা হ’লে শৰীৰৰ বিশেষকৈ কঁকাল, উৰু, পেট, বুকু আদিৰ ছালসমূহ ফাটি যোৱাৰ দৰে হয় আৰু দেখিবলৈ বেয়া হয়৷ বেছিভাগ গৰ্ভৱতী মহিলা, যৌৱনপ্ৰাপ্ত ল’ৰা-ছোৱালী বা শৰীৰচৰ্চা কৰা লোকৰ ক্ষেত্ৰত Stretch Marks বেছিকৈ পৰা দেখা যায়৷ কিয়নো, এনে সময়ত শৰীৰৰ মাংসপেশীসমূহ বিকশিত হ’বলৈ ধৰে আৰু ওজন বৃদ্ধি হোৱাৰ ফলতেই সাধাৰণতে Stretch Marks পৰে৷ সেয়েহে আজি আমি আপোনালোকলৈ লৈ আহিছোঁ Stretch Marks আঁতৰ কৰাৰ কেইটামান ঘৰুৱা উপায়৷

(১) একাপ চেনিত নাৰিকল তেল আৰু নেমুৰ ৰস মিশ্ৰণ কৰি Stretch Marks হোৱা ঠাইত স্ক্ৰাব কৰিব লাগে৷

Homemade Coconut Oil Sugar Scrubs | The Family Freezer


(২) এলোভেৰা গছৰ পাতৰ পৰা ওলোৱা খাটি এলোভেৰা জেল Stretch Marksৰ ওপৰত মাচাজ কৰি আধা ঘণ্টামান সময় ৰাখি ধুই দিব লাগে৷

Get Rid of Stretch Marks with Aloe Vera Gel | The Aloe Skincare Company


(৩) কণীৰ বগা অংশ Stretch Marksৰ ওপৰত লগাই শুকোৱাৰ পাছত ধুই দিব লাগে৷ এনেদৰে দুসপ্তাহমান কৰিলে সুফল পোৱা যায়৷

Six Potent Natural Remedies That Can Actually Get Rid Of Stretch Marks


(8) কেইচামুচমান ব্লেক টী উতলাই তাত অলপ নিমখ মিহলি কৰি ঠাণ্ডা হোৱাৰ পাছত ব্যৱহাৰ কৰিলে Stretch Marks আঁতৰে৷

17 Simple Ways to Get Rid of Stretch Marks (Fast) - Perfect Body Mate


(৫) দৈনিক আলুৰ ৰস ব্যৱহাৰ কৰিলেও ছাল উজ্জ্বল হোৱাৰ লগতে Stretch Marksৰ পৰাও পৰিত্ৰাণ পাব পাৰি৷

How to Remove Stretch Marks | Stretch Mark Removal with Potato Juice |Stretch Marks - YouTube

LEAVE A REPLY

Please enter your comment!
Please enter your name here