নতুন বছৰ পালনত ৰাজ্যসমূহক কি পৰামৰ্শ দিলে কেন্দ্ৰই ? What are the Centre’s suggestions to the states regarding New Year celebrations?

0
1441
ভাৰতত কৰ’না ভাইৰাছৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ কাৰণে অহা কেইমাহমানত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহক ক’ভিডৰ টিকাকৰণ বৃদ্ধি কৰিবলৈ কেন্দ্ৰই পৰামৰ্শ দিয়ে৷ স্পৰ্শকাতৰ জনসংখ্যাক সুৰক্ষা দিবৰ বাবে টিকাকৰণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ কেন্দ্ৰই কয় যে টিকাকৰণ কম হোৱা আৰু ক’ভিড-১৯ৰ সংক্ৰমণ কম হোৱা অঞ্চলবোৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ প্ৰতি বেছি স্পৰ্শকাতৰ হ’ব পাৰে৷ সেয়ে তেনেবোৰ অঞ্চলত টিকাকৰণ বৃদ্ধিত বিশেষ মনোযোগ দিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই আহ্বান জনাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এক বিবৃতিত কয় যে খ্ৰীষ্টমাছ আৰু নতুন বছৰৰ আগতে পজিটিভিটি নিৰীক্ষণ কৰিবলৈ আৰু স্থানীয় পৰ্যায়ত নিষেধাজ্ঞা বলৱৎকৰণৰ কথা বিবেচনা কৰিবলৈ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰামৰ্শ দিয়া হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কভিড-১৯ আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যসমূহৰ জনস্বাস্থ্য সষ্টমতাৰ পৰ্যালোচনা কৰাৰ লগতে টিকাকৰণৰ অগ্ৰগতিৰ বিষয়েও ভাৰ্চুৱেলি পৰ্যালোচনা কৰে৷ তেওঁ ৰাজ্যসমূহক ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত সতৰ্কতামূলক ব্যৱস্থাসমূহ শিথিল নকৰিবলৈ আৰু সষ্টমতা ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে৷ আনহাতে নিয়ন্ত্ৰণমূলক ব্যৱস্থাৱলী সন্দৰ্ভত ৰাজ্যসমূহক নৈশ সান্ধ্য আইন বলৱৎ কৰিবলৈ, বৃহৎ সমাৱেশৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰু ক’ভিডৰ সংক্ৰমণ বেছি হ’লে তৎক্ষণাৎ কণ্টেইনমেণ্ট জ’ন, বাফাৰ জ’ন ঘোষণা কৰিবলৈ কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here