মমেৰেও কৰিব পাৰে ফটা গেৰোহাৰ সমাধান || Candles can help solve cracked heels problems

0
796

বৰ্তমান শীতৰ সময়৷ এই শীতত জ্বৰ, কাহ, চৰ্দি আদি বিভিন্ন ভাইৰেলজনিত ৰোগ হোৱাৰ লগতে ছালৰো বিভিন্ন সমস্যাই দেখা দিয়ে৷ ইয়াৰ লগতে গেৰোহা ফটা সমস্যাটোও শীতত এক এৰাব নোৱৰা সমস্যা৷ হাজাৰ চেষ্টা কৰিও যদি আপুনি গেৰোহা ফটাৰ পৰা ৰক্ষা পোৱা নাই, তেন্তে এইবিধ লওক ঘৰুৱা বিধি৷ আপুনি জানি আচৰিত হ’ব যে আপোনাৰ ঘৰত থকা মমেৰেও আপুনি আপোনাৰ ফটা গেৰোহাৰ সমস্যা দূৰ কৰিব পাৰে৷

Make Dry Heels Softer Using Olive Oil, Honey and Candle Remains - YouTube


ইয়াৰ বাবে প্ৰথমে আপোনাক লাগিব দুই চামুচ কেষ্টৰ অইল, দুচামুচ অলিভ অইল আৰু দুচামুচ আলমণ্ড অইল৷ এতিয়া গোটেইকেইবিধ তেল একেলগে মিশ্ৰণ কৰি ভৰি আৰু গেৰোহাত মাচাজ কৰক৷ অৱশ্যে এই বিধি ৰাতি কৰিলে অধিক সুফল লাভ কৰিব৷ ইয়াৰ পাছত সামান্য পেট্ৰ’লিয়াম জেলী গেৰোহাত সানি ভালকৈ ছালত সো যাবলৈ দিয়ক৷ যেতিয়া ছালে ভালকৈ পেট্ৰ’লিয়াম জেলী শুহি ল’ব, তেতিয়া এটা চচপেনত কম জুইত এডাল মম জ্বলাই ল’ব৷ তাৰ পাছত এডাল ব্ৰাছৰ সহায়ত অতি সাৱধানতাৰে গলাই থোৱা মমখিনি গেৰোহাত লগাওক৷ যেতিয়া মমখিনি শুকাই যাব, এযোৰ কপাহৰ মোজা পিন্ধি গোটেই ৰাতি তেনেকৈ থৈ দিয়ক৷ পিছদিনা পুৱা মমখিনি এৰুৱাই দিব৷ এনেদৰে কৰিলে আপুনি নিশ্চয় গেৰোহা ফটা সমস্যাৰ পৰা সুফল লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here