ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শিশু সুৰক্ষাৰ ক্ষেত্ৰত কি পদক্ষেপ ল’লে ? What steps is Dibrugarh University taking for safety of children?

0
400

দেশৰ উচ্চ শিক্ষাখণ্ডলৈ অপৰিসীম অৱদান আগবঢ়াই অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শিশু সুৰক্ষাৰ ক্ষেত্ৰখনতো কাম কৰিবলৈ আগবাঢ়িছে৷ এই উদ্দেশ্যে আন্তৰ্জাতিক সন্থা ছেভ দ্য চিলড্ৰেনৰ সৈতে এক বুজাবুজিৰ চুক্তি সম্পন্ন হয়৷ বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত এখন সভাত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে বিশ্ববিদ্যালয়খনৰ হৈ পঞ্জীয়ক ড॰ জিতেন হাজৰিকা আৰু ছেভ দ্য চিলড্ৰেনৰ হৈ সন্থাটোৰ অসমৰ মহাপ্ৰবন্ধক ৰঞ্জন কুমাৰ বৰাই৷ বিশ্ববিদ্যালয়খনৰ ‘সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰ’ৰ উদ্যোগত সম্পাদিত হোৱা এই বুজাবুজিৰ চুক্তিৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ছেভ দ্য চিলড্ৰেনে শিশু সুৰক্ষা আৰু অধিকাৰ বিষয়ত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান, ছেমিনাৰ আৰু কৰ্মশালাৰ আয়োজন, আঁচনি ৰূপায়ণ আৰু নীতি নিৰ্ধাৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰত যৌথভাৱে কাম কৰিব৷ উল্লেখ্য যে এই সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ লীলাকান্ত নাথ, সমাজকৰ্ম অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক-অধ্যাপক নিতুল গগৈ, বিশ্ববিদ্যালয়ৰ আইন বিষয়া দেৱৰাজ শৰ্মাকে ধৰি বিভিন্ন বিভাগৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ মন কৰিবলগীয়া যে এই চুক্তিৰ আলমত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে ভাৰতৰ লগতে বিশ্বৰ এশ বিশখন দেশত ছেভ দ্য চিলড্ৰেনৰ উদ্যোগত চলি থকা শিশু সুৰক্ষা আৰু অধিকাৰৰ সৈতে জড়িত কামত অংশগ্ৰহণ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here