নতুনকৈ সংযোজন হ’ল অত্যাধুনিক অৰ্থোকেয়াৰ চিকিৎসালয় : ক’ত ?

0
1013

হাড়ৰ যিকোনো ৰোগ নিৰ্মূল, ভঙা হাড়ৰ যিকোনো জটিল অস্ত্ৰোপচাৰ, পেডিয়েট্ৰিক অৰ্থৰ বিশেষ বিভাগৰ উপৰি উন্নত মানৰ ফিজিঅ’থেৰাপীৰ ব্যৱস্থাৰে তেজপুৰৰ চিকিৎসাৰ ক্ষেত্ৰত নতুনকৈ সংযোজিত হ’ল অৰ্থোকেয়াৰ নামৰ বিশেষ অত্যাধুনিক চিকিৎসালয়৷ বহুকেইগৰাকী  দক্ষ অৰ্থোপেডিক চিকিৎসক তথা ছাৰ্জন জড়িত হৈ থকা তেজপুৰৰ পৰোৱা চাৰিআলিৰ গহন উদ্যান সন্মুখত স্থাপিত এই বিশেষ চিকিৎসালয়খনৰ ফিতা কাটি শুভ উদ্বোধন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই৷  চিকিৎসালয়খনৰ পৰিচালনা মণ্ডলীৰ অবৈতনিক চিকিৎসা উপদেষ্টা তথা বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ লহকৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভাই  সৰ্বসাধাৰণৰ আস্থা আৰু বিশ্বাস অটুট ৰাখি চিকিৎসা কতৃৰ্পক্ষক আহবান জনায়৷ তেওঁ  অত্যাধুনিক চিকিৎসালয়খনে ৰোগীক দূৰ দূৰণিলৈ চিকিৎসাৰ কৰিবলৈ যাব নলগাকৈ  সৰ্বসাধাৰণক সকাহ দিব বুলি মন্তব্য কৰে৷ বিধায়কগৰাকীয়ে তেজপুৰত বিশেষভাৱে হাড়ৰ ৰোগ আৰু অস্ত্ৰোপচাৰৰ সুবিধা থকাকৈ গঢ় লৈ উঠা চিকিৎসালয়খনে ৰাইজক সকাহ দিব বুলি মত পোষণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here