ৰন্ধা খাদ্য ফ্ৰীজত ৰখা উচিতনে? কাৰণ জানো আহক

0
236

বজাৰৰ পৰা কিনি অনা শাক-পাচলি বহুদিনলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ ফ্ৰীজত ৰখা হয়৷ এইদৰে পাচলি ফ্ৰীজত ৰাখিলে বহুদিনলৈ নষ্ট নোহোৱাকৈ সজীৱ হৈ থাকে৷ অকল সেউজীয়া-সজীৱ শাক-পাচলি ফ্ৰীজত ৰাখি সংৰক্ষণ কৰাহে উচিত৷ কিন্তু আমাৰ বহুতেই এটা ভুল কৰা দৃষ্টিগোচৰ হয় যে ৰন্ধা হোৱাৰ পাছত মাছ, মাংস, কণী, তৰকাৰী আনকি ভাতো ৰাখি থয়৷ এই কাম কৰা একেবাৰে উচিত নহয়৷ এটা কথা মনত ৰাখিব ৰন্ধা খাদ্য ফ্ৰীজত থ’লে হিতে বিপৰীতহে হয়৷ ৰন্ধা খাদ্য বেছিসময় ফ্ৰীজত ৰখাৰ ফলত  খাদ্যৰ পাশ্বৰ্ক্ৰিয়া হোৱা দেখা যায়৷ তেনে খাদ্য খোৱাৰ বাবে অনুপযোগী হৈ পৰে, খালেও পাছলৈ নানাধৰণৰ সমস্যাই দেখা দিব পাৰে৷ কিছুমান ৰন্ধা খাদ্য একেবাৰেই ফ্ৰীজত খোৱা অনুচিত৷ প্ৰস্তুত খাদ্য বা ৰন্ধা খাদ্য ফ্ৰীজত ৰাখিলে সেই খাদ্যৰ পুষ্টিগুণ নষ্ট হয়৷ ফ্ৰীজত ৰখাৰ ফলত খাদ্যৰ সোৱাদ, গোন্ধ সলনি হৈ যায়৷ আপুনি নজনাকৈয়ে সেই খাদ্য খোৱাৰ অনুপযোগী হৈ পৰে৷
ৰন্ধাৰ পাছত চিকেন ফ্ৰীজৰ বহু সময় ৰাখিলে তাত বেক্টেৰিয়াৰ সৃষ্টি হয়৷ ফলত সেই খাদ্য খালে বিষক্ৰিয়া হ’ব পাৰে৷ যিয়ে পেটৰ বিভিন্ন সমস্যা, গেছ, হজমশক্তি হ্ৰাস, পেট চলা আদি হোৱাৰ সম্ভাৱনা থাকে৷ বাৰে বাৰে এই ভুলৰ পুনৰাবৃত্তি কৰিলে ভয়ানক বিপদ হ’ব পাৰে৷
ভাত, ৰুটীত ষ্টাৰ্চৰ বেক্টেৰিয়া উপস্থিত থাকে৷ ৰন্ধাৰ পাছত এইবোৰ খাদ্য ফ্ৰীজত সংৰক্ষণ কৰি ৰাখি পাছত খালে শৰীৰৰ ক্ষতি হ’ব পাৰে৷ ভাত, ৰুটী ফ্ৰীজত কেতিয়াও বেছিদিনলৈ নাৰাখিব৷ আনহাতে ৰন্ধা দাইল ৰাখিলেও কিছু সময়ৰ বাবেহে ৰাখিব লাগে, নহ’লে খোৱাৰ উপযুক্ত হৈ নাথাকে৷ ৰন্ধা কণী ফ্ৰীজত বেছি দেৰিলৈ নাৰাখিব৷ মনত ৰাখিব ফ্ৰীজত ৰখা খাদ্য গৰম কৰি নাখাব, কিয়নো গৰম কৰাৰ ফলত তাত থকা বেক্টেৰিয়া তাপৰ সংস্পৰ্শলৈ আহিলে বেছি সক্ৰিয় হৈ পৰে৷ এই খাদ্যই আমাৰ শৰীৰৰ নানা সমস্যাৰ সৃষ্টিত অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here