ৰিহেবিলিটেশ্যন চেণ্টাৰসমূহৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিব চৰকাৰে

0
553

অচিৰেই ৰাজ্য চৰকাৰে ড্ৰাগছত আসক্তসকলৰ বাবে থকা ৰিহেবিলিটেশ্যন চেণ্টাৰসমূহৰ বাবে কিছুমান নীতি-নিৰ্দেশনা জাৰি কৰিব৷ এই কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে৷ এনে নিৰ্দেশনাই ৰাজ্যত থকা ৰিহেবিলিটেশ্যন চেণ্টাৰসমূহক তেওঁলোকৰ কামত সহায়ক হ’ব৷ ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুয হাজৰিকাই৷ মন্ত্ৰীজনে কয় যে ড্ৰাগছৰ আসক্তত পৰা ব্যক্তিসকল সমাজত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ ড্ৰাগ্‌ছ আসক্ত হৈ পৰাৰ পাছত এজন ব্যক্তিয়ে সমাজ কলুষিত কৰিব পাৰে, আসক্তৰ ঘৰ, পৰিয়ালে অহৰহ অশান্তিত ভুগিব লগা হয়৷ এনে ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালটোলৈ ঘোৰ অমানিশা আহিব পাৰে, যদিহে আসক্ত ব্যক্তিজন পৰিয়ালটোৰ মূল মানুহ হয়৷ 
এটা পৰিয়াল, এখন ঘৰ, এখন সমাজ কলংকিত হৈ পৰে ড্ৰাগ্‌ছ আসক্ত ব্যক্তিজনৰ বাবে৷ মন্ত্ৰী হাজৰিকাই আৰু কয় যে হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে চৰকাৰ গঠনৰ পাছতে ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিয়ান চলাইছে৷ ৰাজ্য চৰকাৰে অবৈধ ড্ৰাগছ, ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে৷ যাৰ ফলত ৰাজ্যত চোৰাং ড্ৰাগছৰ বেহা, ড্ৰাগছ আসক্তৰ সংখ্যা যথেষ্ট পৰিমাণে কমিছে বুলিও মন্তব্য কৰে৷ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সদায়ে কঠোৰ হৈ থাকিব বুলি উল্লেখ কৰি তেওঁ ভৱিষ্যৎ প্ৰজন্মক এই ড্ৰাগছৰ অভাৰডোজৰ দৰে বৰবিহৰ পৰা ৰক্ষা পৰিবলৈ সকলোৱে সজাগ আৰু সচেতন হ’ব লাগিব বুলি উল্লেখ কৰে৷ ড্ৰাগছ আসক্তৰ পৰা ওলাই অহা বহুকেইজন ব্যক্তি অনুষ্ঠানত অংশ লোৱা দেখি তেওঁলোকে এইদৰে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা ওলাই অহাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত নাৰ্কটিক ব্যুৰ’ৰ সঞ্চালক ৰাকেশ চন্দ্ৰ শুক্লাই ড্ৰাগছৰ অভাৰডোজৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here