ধূমপান কৰাসকলৰ বাবে আদা কিমান উপকাৰী?

0
1779


ধূমপান, মাদকদ্ৰব্য সেৱন হৈছে মানৱ সমাজৰ অভিশাপস্বৰূপ৷ ইয়াৰ দ্বাৰা হ’ব পৰা অপকাৰিতাৰ বিষয়ে সকলোৱে জনা সত্ত্বেও ই সমাজত বহুলভাৱে বিস্তৃত৷ সেই কাৰণে আজি আমি লৈ আহিছোঁ সেইসকল লোকৰ বাবে কিছু উপায়, যিসকলে ধূমপান কৰাৰ পাছত বিভিন্ন সমস্যাত ভোগে৷ এই ক্ষেত্ৰত আদা অন্যতম৷

Know How Ginger Helps You Lose Weight Easily


[১] চিগাৰেট খাওঁতে যেতিয়া কফ জমা হয়, ডিঙি চেৰচেৰায় আৰু বিষ হয়, তেতিয়া আদাৰ ৰস বা আদা কেই চকল মান পিচি অকণমান চোবাই খালে কফ বাহিৰ হোৱাত সহায়ক হয়৷
[২] সুৰাপান কৰাসকলৰ নিচা আঁতৰাবলৈ মৰাণ আদাৰ ৰস যথেষ্ট উপকাৰী৷
[৩] সুৰাপান কৰাসকলৰ মুখৰ পৰা যিহেতু দুৰ্গন্ধ বাহিৰ হয়৷ গতিকে ইয়াৰ নিৰাময়ৰ বাবে আদা খালে দুৰ্গন্ধ নাইকিয়া হয়৷

Diabetes and Smoking


[৪] আদাত থকা ছালফাৰে ধূমপানৰ নিচা আঁতৰোৱাত সহায় কৰে৷ ইয়াৰ বাবে আদা সৰু সৰুকৈ কুটি নেমুৰ ৰসত ভিজাই লৈ তাত অলপ জালুকৰ গুৰি মিশ্ৰণ কৰি খাব পাৰে৷
[৫] যিহেতু ধূমপানৰ পৰা ওলোৱা বিষাক্ত গেছে আমাৰ হাঁওফাঁও দূষিত কৰাৰ লগতে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷ সেয়েহে আদাত থকা এণ্টিইনফ্লেমেটৰি উপাদানসমূহে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰাৰ লগতে কেঞ্চাৰৰ কোষ ধবংস কৰাটো উল্লেখযোগ্য ভূমিকা পালন কৰে৷


ধূমপান কৰা মুঠেই গ্ৰহণযোগ্য নহয়। যিসকলৰ ধূম্ৰপানৰ প্ৰতি অধিক আসক্তি আছে, তেওঁলোকে নিৰ্দিষ্ট আসক্তিৰ সময়খিনিত আদা এটুকুৰা খাই, সেই কু-অভ্যাসৰ প্ৰতি আসক্তি কমাই তুলিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here