ছুপাৰ ভেক্‌চিনে কৰ’নাৰ নতুন নতুন ভেৰিয়েণ্টক প্ৰতিৰোধ কৰিব

0
1026
কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে কভিড-১৯ এ নতুন ৰূপ সলাই সংক্ৰমণ অব্যাহত ৰাখিছে৷ প্ৰতিটো নতুন ৰূপ, যেনে– ডেল্টা, ডেল্টা প্লাছ আদি আগৰ ৰূপতকৈ অধিক ভয়ংকৰ আৰু বিস্তাৰিতভাৱে সংক্ৰমিত হোৱাত জনসাধাৰণৰ মাজত আশংকা বিৰাজ কৰিছে৷ কৰ’নাৰ এইদৰে সৃষ্টি হোৱা নতুন নতুন ভেৰিয়েণ্টক ৰুধিবলৈ বিজ্ঞানী মহলে চিন্তা-চৰ্চা কৰিছে৷ শেহতীয়াভাৱে আমেৰিকাত বিজ্ঞানীয়ে এনে এবিধ ভেক্‌চিন উৎপাদন কৰিবলৈ সক্ষম হৈছে, যিয়ে কৰ’নাৰ নতুন নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ’ব৷ এই ভেক্‌চিনবিধক ‘ছুপাৰ ভেক্‌চিন’ হিচাপে অভিহিত কৰিছে৷ ইতিমধ্যে এই ভেক্‌চিনবিধ এন্দুৰৰ গাত সফলতাৰে ইয়াৰ পৰীক্ষা সম্পন্ন কৰিছে৷ ছুপাৰ ভেক্‌চিন নামৰ এইবিধ প্ৰতিষেধক নৰ্থ কেৰ’লিনা বিশ্ববিদ্যালয়ত উৎপাদন কৰা হৈছে৷ বিজ্ঞানীসকলে জনোৱা মতে কৰ’নাৰ নতুন নতুন ভেৰিয়েণ্টে ভৱিষ্যতে জনসাধাৰণক শ’লঠেকত পেলাব পাৰে৷ সেয়ে নতুন নতুন ভেৰিয়েণ্টক প্ৰতিৰোধ কৰিবলৈ এইবিধ ছুপাৰ ভেক্‌চিনৰ আৱিষ্কাৰ কৰাৰ প্ৰস্তুতি চলাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here