নিম্ন ৰক্তচাপ আৰু ইয়াৰ সাৱধানতা

0
1278
ৰক্তচাপ বা ব্লাড প্ৰেছাৰ হৈছে ৰক্ত সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপ৷ ৰক্তচাপৰ পৰিমাণৰ ওপৰত ভিত্তি কৰিয়েই এজন ব্যক্তিক সু-স্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি৷ নিম্ন ৰক্তচাপৰ ফলত মানুহৰ শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ কিন্তু বহু ক্ষেত্ৰত নিম্ন ৰক্তচাপৰ লক্ষণসমূহ মানুহে ধৰিব নোৱাৰে৷ সেয়েহে ইয়াৰ লক্ষণসমূহ জনাটো অতি আৱশ্যক৷
5,800 Faint Photos - Free & Royalty-Free Stock Photos from Dreamstime

[১] প্ৰধানতঃ মূৰ ঘূৰোৱা, বিশেষকৈ বহা বা শুই থকাৰ পৰা হঠাৎ উঠিলে চকুৰে ধোঁৱা-কোৱা দেখা, ভাগৰ লগা, বমি, অচেতন হৈ থকা আদিয়ে নিম্ম ৰক্তচাপৰ লক্ষণ৷
[২] মহিলাসকলে বিশেষকৈ গৰ্ভাৱস্থাত বা মাহেকীয়া সময়ত অধিক ৰক্তক্ষৰণ হোৱাৰ ফলত নিম্ন ৰক্তচাপৰ সমস্যাত ভোগে৷

Feeling dizzy? This could be the reason | Lifestyle News,The Indian Express


[৩] কেতিয়াবা কিছুমান ঔষধৰ পাশ্বৰ্ক্ৰিয়াৰ ফলতো ৰক্তচাপৰ পৰিমাণ কমিব পাৰে৷
[৪] যদি আপুনি অধিক বমি হোৱা সমস্যাৰ সন্মুখীন হৈছে, তেতিয়াও আপোনাৰ ৰক্তচাপ কমিব পাৰে৷
[৫] আপোনাৰ নিম্ম ৰক্তচাপৰ ফলত ৰক্তক্ষৰণ, এনিমিয়া, ডিচৰিথমিয়া আদি হ’ব পাৰে৷ গতিকে আপুনি ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷


সাৱধানতা:

যদিও কাৰণৰ ওপৰত ভিত্তি কৰি নিম্ম ৰক্তচাপৰ চিকিৎসা কৰা হয়, তথাপি আপুনি ঘৰতে থাকি কিছুমান সাৱধানতা অৱলম্বন কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে৷

উদাহৰণস্বৰূপে, বহি থকা বা শুই থকা অৱস্থাৰ পৰা হঠাৎ উঠি নিদিব৷ এনেকৈ উঠি দিয়াৰ ফলত আপোনাৰ মূৰ ঘূৰণি হ’ব পাৰে৷ প্ৰচুৰ পৰিমাণে পানী খাওক৷ খাদ্যৰ তালিকাত সেউজীয়া শাক-পাচলি, প্ৰ’টিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক৷
এনেধৰণৰ সাৱধানতা অৱলম্বন কৰি আপুনি নিম্ম ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here