দৈনিক পেট খোলোচা হ’বলৈ লওক এইকেইটা টিপছ (Tips to ensure regular clear bowels)

0
275
পুৱাই ক’ৰবালৈ ওলাই যাবৰ হ’লে বা দৈনিক অফিচ, স্কুল, কলেজ আদিলৈ যাওঁতে গা-পা ধুই ওলাই গ’লে দেহ-মন ভাল লাগি থাকে৷ কিন্তু তেনে সময়তে আপোনাৰ যদি শৌচ অনিয়মীয়া হয়, তেন্তে নিশ্চয় আপুনি কোনো কামতে ভালকৈ মন বহুৱাব নোৱৰা পৰিস্থিতিৰ সন্মুখীন হয়৷ সেয়েহে আপুনিও যদি বিচাৰে দৈনিক শৌচ নিয়মীয়া হোৱাটো তেন্তে লওক এইকেইটা টিপছ৷

(১) শৌচ অনিয়মীয়া হোৱাৰ মূল কাৰণ হৈছে ডিহাইড্ৰেশ্যন৷ সেয়েহে পৰ্যাপ্ত পৰিমাণৰ পানী খাই শৰীৰটোক হাইড্ৰেট কৰি ৰাখক৷


(২) গৰম পানীত নেমুৰ ৰস মিশ্ৰণ কৰি পুৱা খালী পেটত খালে পেট খোলোচা নোহোৱা সমস্যা দূৰ হয়৷

Body Cleansing Lemon Ginger Water Recipe - Happy Foods Tube


(৩) ডালিয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ, প্ৰ’টিন আৰু অন্য প্ৰয়োজনীয় উপাদান পোৱা যায়, যিয়ে কোষ্ঠকাঠিন্যৰ সমস্যা নিৰাময় কৰিব পাৰে৷

How to Make Vegetable Dalia for Toddlers - FirstCry Parenting


(8) হজম শক্তি বৃদ্ধিত মুলেথি উত্তম৷ আধা চামুচ মুলেথিৰ গুড়ি আৰু আধা চামুচ গুৰ মিশ্ৰণ কৰি একাপ গৰম পানীৰ লগত সেৱন কৰিলে পেট খোলোচা হয়৷


(৫) একাপ গাখীৰত দুচামুচ ঘিউ মিশ্ৰণ কৰি ৰাতি শোৱাৰ আগতে খালে পুৱালৈ শৌচ নিয়মীয়া হয়৷

Reap the Rich Benefits of Having Ghee with Milk - Anveshan Farm

LEAVE A REPLY

Please enter your comment!
Please enter your name here