বেলৰ জুচ খাওক ! পাওক এইসমূহ আচৰিত লাভ (Take Wood Apple juice for these astonishing benefits)

0
836
বেলক অতি পৱিত্ৰ ফল বুলি গণ্য কৰা হয়৷ অকল ফলেই নহয়, ইয়াৰ পাতকো বিভিন্ন পূজা-পাতলত অতীজৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে৷ পিছে বেলক যদিও অন্য ফলৰ দৰে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা নহয়, তথাপি ইয়াৰ গুণৰ কথা জানিলে আপুনিও হয়তো অবাক হ’ব৷ বেলক ফল হিচাপে খোৱাৰ উপৰি জুচ হিচাপেও খাব পাৰি৷

(১) বেলৰ জুচ শক্তিবৰ্ধক৷ ই শৰীৰৰ শক্তি বৃদ্ধি কৰাৰ লগতে দেহৰ অন্য অংগসমূহকো সক্ৰিয় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থকা হেতু এই জুচে মাংসপেশী গঠনতো অৰিহণা যোগায়৷


(২) সামান্য পৰিমাণৰ বেলৰ ৰস গৰম পানীৰ লগত খালে তেজ পৰিষ্কাৰ হয়৷ ফলত শৰীৰৰ টক্সিন নিষ্কাশন হোৱাত সহায়ক হয়৷

Yummy and Healthy Wood Apple (Bel) Juice! | Nutrition,Recipes,Cooking Tips,Snacks and sweets,Party Ideas,Cool Foods for Warm Days,Healthy recipes,Food,#Useful | Blog Post by shweta Singh | Momspresso


(৩) বেলৰ জুচ খালে পাচন প্ৰক্ৰিয়া সুস্থ হৈ থাকে৷ ডিচেণ্ট্ৰি, ডায়েৰিয়া আদিৰ সমস্যাও নিৰ্মূল কৰিব পাৰে বেলৰ জুচে৷


(8) গৰমৰ দিনত পকা বেলৰ জুচ খালে শৰীৰ ঠাণ্ডা হৈ থাকে৷


(৫) হৃদৰোগীৰ বাবে তথা কিডনী, লিভাৰ, দাঁত, চকুৰ সমস্যা আদিতো বেলৰ জুচ যথেষ্ট উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here