২০২২-ত ভাৰতৰ ভেক্‌চিন প্ৰস্তুতৰ লক্ষ্য কিমান ? What is India’s vaccine production target for 2022?

0
748
মহামাৰী কভিড-১৯ৰ বিৰুদ্ধে যুঁজত বিশ্বক সহায় কৰিবলৈ অহা বছৰ শেষভাগৰ ভিতৰত ভাৰতে ৫০০ কোটি পালি ভেক্‌চিন প্ৰস্তুত কৰিব৷ এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজত ভাৰতৰ অৱদানত আলোকপাত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা কয়৷ ভাৰতত থলুৱাভাৱে প্ৰস্তুত কৰা ক’ভেক্সিনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন এতিয়াও নোহোৱা সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে কয় যে সেই ভেক্‌চিনৰ অনুমোদনে ভাৰতক অন্য দেশলৈ সহযোগিতা আগবঢ়োৱাত সহায় কৰিব৷ উল্লেখ্য যে ক’ভেক্সিনক জৰুৰী ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ত সিদ্ধান্ত ল’বলৈ ৩ নৱেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাৰ এক কাৰিকৰী উপদেষ্টা গোটৰ বৈঠক হ’ব৷ ভাৰত বায়’টেকৰ ক’ভেক্সিন তথা এষ্ট্ৰাজেনেকা আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ক’ভিশ্বিল্ড হৈছে ভাৰতত বহুলভাৱে ব্যৱহৃত দুটা ভেক্‌চিন ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মহামাৰীৰ সময়ত ১৫০খন দেশলৈ ভাৰতৰ চিকিৎসা-সামগ্ৰী যোগান আৰু বিশ্বজুৰি যোগান শৃংখল অব্যাহত ৰখাৰ অৰিহণা সম্পৰ্কে আলোকপাত কৰে৷ বৰ্তমানৰ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ আৰু ভৱিষ্যতৰ বিশ্বৰ চিকিৎসাজনিত সমস্যাৰ পৰিপ্ৰেক্ষিতত মোদীয়ে ‘এক পৃথিৱী, এক স্বাস্থ্য’ভৱিষ্যদৰ্শনৰ কথাও কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here