দেহত ভিটামিন-D বেছি হ’লে হ’ব পাৰে এইবোৰ সমস্যা || Excessive vitamin D in the body could lead to these maladies

0
1037

সুস্বাস্থ্যৰ গৰাকী হ’বলৈ নাইবা আমাৰ দেহাটোৱে সুচাৰুৰূপে কাম-কাজবোৰ পৰিচালনা কৰিবলৈ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি, ভিটামিন, খনিজ, কাৰ্বহাইড্ৰেট, মিনাৰেল আদিৰ যথেষ্ট প্ৰয়োজন হয়৷ এই উপাদানবোৰৰ এটাও কম হ’লে আমাৰ শৰীৰত ৰোগৰ সৃষ্টি হয়৷ পিছে আপুনি এটা কথা জানেনে দেহত ভিটামিনৰ পৰিমাণ বেছি হ’লেও কিছুমান সমস্যা হ’ব পাৰে৷ জানো আহক ভিটামিন-Dৰ পৰিমাণ অধিক হ’লে কি হ’ব পাৰে৷

Too Much Vitamin D: The Side Effects Of Excess Vitamin D


(১) খাদ্যৰ পৰা কেলচিয়াম শোষণ কৰাত ভিটামিন-D-এ বিশেষ ভূমিকা পালন কৰে৷ অতিৰিক্ত পৰিমাণৰ ভিটামিন-D-এ দেহত কেলচিয়ামৰ পৰিমাণ উচ্চ কৰে আৰু উচ্চ পৰিমাণৰ কেলচিয়ামে পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মাই কোষ্ঠকাঠিন্য, পেটৰ বিষ, বমি, ডায়েৰিয়া, খাদ্যৰ প্ৰতি অনীহা, মূৰ ঘূৰণি, ভ্ৰম বকা আদি সমস্যাৰ সৃষ্টি কৰে৷


(২) ইয়াৰ উপৰি মানসিক অৱসাদ, মনৰ অস্থিৰতা, হাই ব্লাড প্ৰেছাৰ আদিও ভিটামিন-D অধিক হ’লে দেখা দিয়ে৷


(৩) একেদৰে ভিটামিন-D toxicity এ বৃক্কজনিত সমস্যাৰো সৃষ্টি কৰে৷ যিহেতু ভিটামিন-D ৰ পৰিমাণ অধিক হ’লে কেলচিয়ামৰ পৰিমাণো বৃদ্ধি হয়, সেয়েহে ই অত্যধিক প্ৰস্ৰাৱৰ জৰিয়তে দেহত পানীৰ পৰিমাণ কমাব ধৰে৷ যাৰ ফলত বৃক্কত পাথৰ, বৃক্ক অচল, ডিহাইড্ৰেশ্যন আদি সমস্যাৰ সৃষ্টি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here