ছমাহৰ ভিতৰত হ’ব তিনি বছৰৰ ঊধৰ্বৰ শিশুৰ ভেক্‌চিন || Vaccination of children above 3 within six months

0
1085
ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়া চমুকৈ SII-এ অহা ছমাহত শিশুৰ বাবে ক’ভিড ভেক্‌চিন মুকলি কৰাৰ পৰিকল্পনা কৰিছে৷ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই এই কথা জনায়৷ এখন ঔদ্যোগিক সন্মিলনত অংশগ্ৰহণ কৰি পুনাৱালাই কয় যে ক’ভ’ভেক্স’ নামৰ ভেক্‌চিনটো পৰীক্ষা কৰি থকা হৈছে আৰু ই তিনি বছৰ বয়সৰ ঊধৰ্বৰ শিশুক সুৰক্ষা দিব৷ বৰ্তমান ১৮ বছৰৰ ওপৰৰ লোকৰ বাবে কভিশ্বিল্ড আৰু অন্য ভেক্‌চিনৰ অনুমোদন জনোৱা হৈছে৷ পুনাৱালাই কয় যে আমি শিশুৰ মাজত মাৰাত্মক ৰোগ হোৱাৰ ঘটনা বৰ বেছি দেখা নাই৷ সৌভাগ্যক্ৰমে শিশুৰ বাবে কোনো আতংক নাই৷ সি যি নহওক, আমি শিশুৰ বাবে ছমাহৰ ভিতৰত ভেক্‌চিন মুকলি কৰিম, ই তিনি বছৰৰ ঊধৰ্বৰ বাবে হ’ব৷ তেওঁ কয় যে ইতিমধ্যেই দুটা কোম্পানীক ভাৰতত লাইচেন্স দিয়া হৈছে আৰু তেওঁলোকৰ ভেক্‌চিনো সোনকালে উপলব্ধ হ’ব৷ পুনাৱালাই আৰু কয় যে ভেক্‌চিনবোৰে সংক্ৰামক ৰোগৰ পৰা শিশুক সুৰক্ষা দিব বুলি যথেষ্ট তথ্য আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here