আন এক সুখবৰ ! ISRO-ৰ বিজ্ঞানী নিৰ্বাচিত অলকেশ || More good news: Alakesh appointed as an ISRO scientist

0
524
ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰৰ যুৱক অলকেশ কলিতাই৷ Indian Space Research Organisation চমুকৈ ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা৷ ভাৰতীয় মহাকাশ সংস্থাৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈ নিযুক্তি লাভ কৰিছে অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতাই৷ তিতাবৰ মাজগাঁও নিৱাসী তথা তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড॰ পৰাগ কলিতা আৰু তিতাবৰ ধলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী কলিতাৰ সুযোগ্য পুত্ৰ অলকেশ কলিতাই ৰেংক-৩ ৰে স্বীকৃতি লাভ কৰিছে৷ তেওঁৰ ব্ৰান্স হ’ল চলিড ষ্টেষ্ট ফিজিক্স৷ অলকেশ কলিতাই ২০১৪ বৰ্ষত তিতাবৰ প্ৰাগ্‌জ্যোতিকা ইংলিছ স্কুলৰ পৰা ডিষ্টিংশ্যনসহ ৯০ শতাংশ নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ ২০১৬ বৰ্ষত প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা ৯৩ শতাংশ নম্বৰ লাভ কৰি  বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ইয়াৰ পিছত তেওঁ জে ই ই মেইনছত মযাৰ্দা সহকাৰে ৰেংক ল’বলৈ সক্ষম হোৱাৰ পিছতে জে ই ই এডভান্সত সুখ্যাতি অৰ্জন কৰি ধানবাদৰ IIT-ত পঢ়াৰ সুবিধা লাভ কৰে৷ পৰৱৰ্তী সময়ত অলকেশ কলিতাই বি টেক আৰু এম এছত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ইতিমধ্যে মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO-ত এগৰাকী বিজ্ঞানী হিচাপে অলকেশ কলিতাক নিযুক্তি প্ৰদান কৰিছে৷ অহা ৮ জানুৱাৰীত চণ্ডীগড়ৰ এছ চি এলত ISRO-ৰ বিজ্ঞানী হিচাপে যোগদান কৰিব৷ একাগ্ৰতা আৰু অধ্যৱসায়েৰে নিজ নিজ যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি বুলি উল্লেখ কৰি অসম গৌৰৱ অলকেশ কলিতাই তেওঁৰ এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু সহপাঠী বন্ধু বুলি উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here