দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ আটাইতকৈ ব্যাপক আঁচনি : কি এই আচনি ? What is this mega health infrastructure scheme?

0
294

২৬ অক্টোবৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা আঁচনিখন মুকলি কৰিব৷ চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰে যে দেশৰ উপৰি বিদেশতো এইখন আঁচনিখন প্ৰযোজ্য হ’ব লগতে এইখন আঁচনি হ’ব দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ আটাইতকৈ ব্যাপক আঁচনি৷ আনহাতে এই আঁচনি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত অতিৰিক্ত হ’ব বুলিও কেন্দ্ৰই উল্লেখ কৰে৷ এই আঁচনিৰ জৰিয়তে গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ প্ৰাথমিক আৰু গুৰুতৰ চিকিৎসাৰ আন্তঃগাঁথনিৰ অধীনত ১৭৭৮৮ টা গ্ৰাম্য আৰু কল্যাণ কেন্দ্ৰ দেশৰ আগশাৰীৰ ১০খন ৰাজ্যত মুকলি কৰা হ’ব৷ ইয়াৰ লগতে ১১০২৪টা নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব৷ এই আঁচনিখনে দেশৰ স্বাস্থ্য খণ্ডত সফল ৰূপ দিব বুলি আশা কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here