নৰ্থ ইষ্ট মেডিকেল এক্সপ’: ক’ত? North East Madical Expo: where?

0
692
২৪ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হৈছে দ্বিতীয় নৰ্থ ইষ্ট মেডিকেল এক্সপ’৷ চিকিৎসা সঁজুলি আৰু হস্পিটেল খণ্ডৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষস্থানীয় এই এক্সপ’ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত শুভাৰম্ভ কৰা হয়৷ দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ’বলগীয়া এই এক্সপ’ৰ প্ৰদৰ্শনীত দিল্লী, গুজৰাট, মুম্বাই, কলকাতা আৰু চেন্নাইকে ধৰি দেশৰ সকলো প্ৰান্তৰৰ প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰিছে৷ এই প্ৰদৰ্শনত ৭৫ৰো অধিক প্ৰদৰ্শনকাৰী উপস্থিত থাকি তেওঁলোকৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে৷ এই এক্সপ’ত ১,০০০ৰো অধিক লোকৰ আগমন ঘটিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here