ভুৱা চিকিৎসকৰ পৰা সাৱধান ! কিয় আৰু ক’ত গ্ৰেপ্তাৰ ? Beware, fake doctor arrested. Why and where?

0
813
গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে সাউকুছিৰ পৰা আটক কৰা অমল শৰ্মা নামৰ চকুৰ ভুৱা চিকিৎসকজনক ২৪ অক্টোবৰৰ নিশা সোধা-পোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ দলে অমল শৰ্মাৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত উক্ত নথিসমূহ বহুকেইটা তথ্যৰ বিসংগতি ধৰাৰ পৰাৰ পাছত গ্ৰেপ্তাৰ কৰে৷ সাউকুছি অঞ্চলৰ Real Lenses clinic-ত ৰোগীক চিকিৎসা কৰি অহা অমল শৰ্মাৰ গ্ৰেপ্তাৰৰ পাছত ভুৱা চিকিৎসকজনৰ ন-ন কুীৰ্তি পোহৰলৈ আহিছে৷ উল্লেখ্য যে ডাঃ অভিজিৎ নেওগ নামৰ এজন চিকিৎসকৰ অভিযোগৰ ভিত্তিত গড়চুক আৰক্ষীয়ে এই অভিযান চলাইছিল৷ আৰক্ষীয়ে সদৰী কৰা মতে অমল শৰ্মাৰ কোনো চিকিৎসকৰ ডিগ্ৰীৰ অৰ্হতা নাই৷ প্ৰেছকি্‌পশ্যনত ভুৱা পঞ্জীয়ন নম্বৰ দিয়াৰ লগতে দেশৰ প্ৰখ্যাত চিকিৎসালয়ত চিকিৎসা কৰি অহা বুলিও জাহিৰ কৰি গুৱাহাটীৰ সাউকুছিৰ লগতে বেলতলা আৰু অন্য ঠাইৰ লগতে বাইহাটা চাৰিআলিতো চেম্বাৰত ৰোগীৰ চকু চিকিৎসা কৰি আহিছিল৷ আনহাতে ভুৱা চিকিৎসক অমল শৰ্মাই সদৰী কৰা মতে, তেওঁ শংকৰদেৱ নেত্ৰালয়ত চকু চিকিৎসাৰ টেকনিচিয়ান হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে৷ উক্ত অভিজ্ঞতাৰেই গুৱাহাটীত একাংশ ৰোগীক চিকিৎসা কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল৷ আনহাতে অমল শৰ্মাই চিকিৎসা কৰা একাংশ ৰোগীৰ চকু বিকল হৈ পৰা বুলি শেহতীয়াকৈ অভিযোগ উঠিছে৷ ইফালে অভিযোগকাৰী চিকিৎসকগৰাকীয়ে সদৰী কৰা মতে অমল শৰ্মাই চিকিৎসা কৰা এগৰাকী ৰোগীৰ প্ৰেছকিপশ্যন দেখি তেওঁৰ সন্দেহ হয়৷ ইয়াৰ পাছত কিছু অনুসন্ধান কৰি চিকিৎসক অভিজিৎ নেওগ নিশ্চিত হোৱাৰ পাছত আৰক্ষীৰ কাষ চাপে৷ উল্লেখ্য যে বিগত কিছু বছৰৰ পৰা মহানগৰ আৰক্ষীয়ে বিভিন্ন ঠাহৰ চেম্বাৰ, নাৰ্ছিং হ’মত চিকিৎসা সেৱা আগবঢ়াই থকা বহুকেইজন ভুৱা ডিগ্ৰীধাৰী চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here