দেশৰ মহানগৰৰ আৱৰ্জনা মুক্তৰ বাবে কেন্দ্ৰই কি পদক্ষেপ ল’লে ? What steps are being taken by the Centre to make the cities garbage-free?

0
335
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰত ‘স্বচ্ছ ভাৰত মিছন-আৰবান’ আৰু ‘Atal Mission for Rejuvenation and Urban Transformation’ৰ দ্বিতীয় পৰ্যায় উদ্বোধন কৰে৷ তেওঁ দৃঢ়তাৰে কয় যে এই দুয়োটা মিছনৰ লক্ষ্য হ’ল মহানগৰসমূহক আৱৰ্জনামুক্ত কৰা আৰু পানীক সুৰক্ষিত কৰা৷ ইয়াৰ আম্বেদকাৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰত  SBMU 2.0 আৰু AMRUT 2.0 উদ্বোধন কৰাৰ পাছত দিয়া ভাষণত মোদীয়ে কয় যে এই মিছন দুটাৰ নতুন পৰ্যায়ৰ আৰম্ভণি বি আৰ আম্বেদকাৰৰ সপোন পূৰ কৰাৰ দিশতো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আমি মনত ৰাখিব লাগিব যে পৰিষ্কাৰ-পৰিচ্ছন্নতা মাত্ৰ এদিন, এপষেক, এবছৰ বা এমুঠি মানুহৰ বাবে নহয়, এইটো প্ৰতিটো দিন, প্ৰতিটো পষেক, প্ৰতিটো বছৰৰ বাবে আৰু প্ৰতিজন লোকৰ বাবে এটা বৃহৎ অভিযান আৰু এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ এটা অবিৰত কাৰ্যসূচী৷ তেওঁ কয় যে ভাৰতত প্ৰতিদিনে প্ৰায় এক লাখ টন আৱৰ্জনা নিষ্কাশন কৰা হয়৷ মহানগৰবোৰৰ আৱৰ্জনাবোৰৰ দ’মবোৰ এই দুটা নতুন পৰ্যায়ৰ অধীনত সম্পূৰ্ণৰূপে আঁতৰ কৰা হ’ব৷ পি এম অ’ৰ মতে, প্ৰধানমন্ত্ৰীৰ ভৱিষ্যদৃষ্টি অনুসৰি সকলো মহানগৰক আৱৰ্জনামুক্ত কৰিবলৈ আৰু পানীক সুৰক্ষিত কৰিবলৈ SBMU 2.0 আৰু AMRUT 2.0 প্ৰস্তুত কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here