জলবায়ু পৰিৱৰ্তনক লৈ কি ক’লে পদ্মশ্ৰী যাদৱ পায়েঙে ? What did Padma Shri Jadav Payeng say regarding climate change?

0
517

Council For Teacher Education Foundation Assam-ৰ উদ্যোগত, বি বৰুৱা মহাবিদ্যালয় আৰু গ্ৰেটিয়া টেকন’লজি প্ৰাইভেট লিমিটেডৰ সহযোগত যোৱা এক অক্টোবৰত জলবায়ু-সম্পৰ্কীয় এক অনুষ্ঠান মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ফাউণ্ডেশ্যনৰ অসম শাখাৰ অধ্যক্ষ তথা আন্তঃৰাষ্ট্ৰীয় সম্পাদিকা অধ্যাপিকা ড॰ নীলিমা ভাগৱতীয়ে৷ বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড॰ অৰুণ কুমাৰ মিশ্ৰই৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী যাদৱ পায়েঙে৷ পায়েঙে কয় যে মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল৷ তেখেতে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি যাবলৈ সকলোকে আহ্বান জনায়৷ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ হ’লে সমগ্ৰ বিশ্বত অন্ততঃ সাত দিন সৰ্বাত্মক লকডাউন দিয়াৰো পোষকতা কৰে পদ্মশ্ৰীগৰাকীয়ে৷ ইয়াৰ উপৰি বনাঞ্চল সংৰক্ষণৰ ওপৰতো যথেষ্ট গুৰুত্ব দিবলৈ তেখেতে সকলোকে আহ্বান জনায়৷ তেখেতে অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কে কিছু মত বিনিময়ো কৰে৷ আনহাতে অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ড॰ ৰঞ্জন কাকতিয়ে বনাঞ্চল সংৰক্ষণ নকৰিলে জলবায়ু পৰিৱৰ্তনে বিশ্বত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here